গুৱাহাটী, 31 জানুৱাৰীঃ 1 ফেব্ৰুৱাৰীত উত্থাপন হ'ব কেন্দ্ৰীয় বাজেট । এই বাজেটক লৈ আশাবাদী বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ৰাজ্যৰ বাবে বিভিন্ন দিশত দিব লগা বাজেটক লৈ আশাবাদী মন্ত্ৰী গৰাকী । বিত্তমন্ত্ৰী হিচাপে সমগ্ৰ পুঁজি কিমান বৃদ্ধি হ'ব অসমত সেই সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই । লগতে জম্মু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হোৱাৰ বাবে বিত্তীয় আয়োগে প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে শৰ্মাই । যাৰ বাবে সামগ্ৰিকভাবেহে এটা পুঁজি বৃদ্ধি হোৱাৰ আশা কৰিছে মন্ত্ৰী শৰ্মাই ।
বাজেট 2020: অসমত পুঁজি বৃদ্ধি সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই - budget 2020
বাজেটক লৈ আশাবাদী বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ অসমত পুঁজি কিমান বৃদ্ধি হ'ব সেই সন্দৰ্ভত চকু ৰাখিব বুলি মন্তব্য কৰে মন্ত্ৰী শৰ্মাই ৷
বাজেট 2020: অসমত পুঁজি বৃদ্ধি সন্দৰ্ভত চকু ৰাখিব হিমন্ত বিশ্ব শৰ্মাই
আনহাতে, অসমৰ বাবে সুকীয়া মাত্ৰা প্ৰদানত গুৰুত্ব প্ৰদান নকৰে মন্ত্ৰী গৰাকীয়ে । অন্য ৰাজ্য সমূহত যেনেকৈ পুঁজি দিয়া হ'ব অসমলৈ তেনে পুঁজি আগবঢ়োৱা ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি কলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।