গুৱাহাটী, ৪ ফেব্ৰুৱাৰী :ৰাজ্যত চলি আছে বাল্য বিবাহ-বিৰোধী অভিযান (Assam govt drive against child marriage) । আনহাতে, বাল্য বিবাহক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । লগতে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma reacted on child marriage) ৷ মু্খ্যমন্ত্ৰীৰ মন্তব্য, বাল্য বিবাহৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব । বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলি আছে আৰু চলিবই বুলি অভিযানৰ দ্বিতীয়টো দিনটোত হুংকাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (no compromise in child marriage CM Assam) ।
উল্লেখ্য, সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত বিগত দুদিন ধৰি বাল্য বিবাহক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শনিবাৰে দ্বিতীয়দিনাও ৰাজ্যজুৰি আৰক্ষীৰ নিৰ্ধাৰিত বাল্য বিবাহ-বিৰোধী অভিযান অব্যাহত আছে ৷ এই লৈ শনিবাৰেও সৰৱ হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam police operation against child marriage) ৷ উল্লেখ্য যে বিগত শুকুৰবাৰৰ পৰা ৰাজ্যখনত বাল্য বিবাহ কৰোৱা নাইবা বাল্য বিবাহৰ লগত জড়িত মুঠ ২২২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷
আনহাতে, ৮১৩৪ জন হৈছে মুঠ অভিযুক্তৰ সংখ্যা । অভিযুক্তসকলৰ ভিতৰত ৩৫০০ জন গ্ৰেপ্তাৰৰ লক্ষ্য হৈছে অসম আৰক্ষীৰ ৷ অভিযুক্ত বহুজনে এতিয়া ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে ৷ বহু থানাৰ সন্মুখত গ্ৰেপ্তাৰ হোৱা লোকৰ আত্মীয়ৰ ভিৰ দেখা গৈছে বিগত দুদিন ধৰি ৷ মানকাচৰত পিতৃ-মাতৃ গ্ৰেপ্তাৰ হোৱাৰ আতংকত বাল্য বিবাহ হোৱা মহিলাৰ আত্মহত্যা প্ৰসংগতো সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই অভিযানৰ সমান্তৰালভাৱে ৰাজ্যখনত মানৱতাৰ প্ৰসংগও সজোৰে উত্থাপিত হৈছে ৷