অসম

assam

ETV Bharat / state

সুস্থ মনীষ তিব্ৰৱালা,সংবাদমেলযোগে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - স্পেনিছ গাৰ্ডেনৰ নিবাসী মনীষ তিব্ৰৱালা

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। মুঠ 5 জন লোকক চিকিৎসালয়ৰ পৰা স্ব-গৃহলৈ যাবলৈ অনুমতি প্ৰদান স্বাস্থ্য মন্ত্ৰীগৰাকীৰ । সুস্থ হৈ উঠা স্পেনিছ গাৰ্ডেনৰ নিবাসী মনীষ তিব্ৰৱালাকো হাস্পতালৰ পৰা স্ব-গৃহলৈ যাবলৈ অনুমতি দিয়াৰ লগতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা 4 জন কোভিড-19ত আক্ৰান্ত ৰোগীক নিজ ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷

সুস্থ মনীষ তিব্ৰৱালা, সংবাদমেলযোগে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সুস্থ মনীষ তিব্ৰৱালা, সংবাদমেলযোগে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Apr 19, 2020, 8:45 PM IST

গুৱাহাটী, 19 এপ্ৰিল :দেওবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এক সংবাদমেল সম্বোধন কৰি চিকিৎসালয়খনৰ পৰা কোভিড-19ত আক্ৰান্ত মুঠ 5 জন লোকক স্ব-গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে ৷ ইফালে সুস্থ হৈ উঠা স্পেনিছ গাৰ্ডেনৰ নিবাসী মনীষ তিব্ৰৱালাকো গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা নিজ বাসগৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ লগতে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা 4 জন ৰোগীকো নিজ ঘৰলৈ যাবলৈ অনুমতি দিয়ে । বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এজন ক'ৰণাত আক্ৰান্ত লোকৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

সুস্থ মনীষ তিব্ৰৱালা, সংবাদমেলযোগে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
সম্প্ৰতি সমগ্ৰ অসমত 16 জন কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ আনহাতে অসমৰ বাহিৰত থকা 2 লাখ লোকক অসমলৈ ঘূৰি অহাৰ আগতেই 14 দিন কোৱাৰেণ্টাইনত ৰখাৰ বাবে দুটাকৈ আছুতীয়া কক্ষ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সুস্থ মনীষ তিব্ৰৱালা, সংবাদমেলযোগে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
লগতে পঢ়ক : মেঘালয়ৰ মহিলাৰ মৃত্যুক লৈ ধুবুৰীৰ গোলকগঞ্জত চাঞ্চল্য

ABOUT THE AUTHOR

...view details