গুৱাহাটী, 13 জুনঃপৰিস্থিতি লৈ গুৱাহাটীত পুনৰ হ'ব পাৰে পূৰ্ণ পৰ্যায়ৰ লক্ ডাউন। ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা বহিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে NHM কাৰ্যালয়ত এক সংবাদমেল যোগে এই কথা ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ক্ৰমাৎ জটিল গুৱাহাটীৰ পৰিস্থিতি। আক্ৰান্তৰ সংখ্যা দুগুণ হবলৈ সময় লাগিছে ৮.৮দিন ৷ অহা সপ্তাহত পজিটিভ ৰোগীৰ বৃদ্ধিৰ আশংকা। এতিয়ালৈকে ২৫ গৰাকী COVID 19 আক্ৰান্তৰ পোৱা নাই কোনো ট্ৰেভেল হিষ্ট্ৰি। গুৱাহাটীৰ পৰিস্থিতি চিন্তাৰ কাৰণ। গুৱাহাটী কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৭২গৰাকী ৷ ইতিমধ্যে গুৱাহাটীত ১৫৬ টা গুদামলৈ আহিছে বহিঃ ৰাজ্যৰ ট্ৰাক। ১৫ দিনৰ ভিতৰত গুৱাহাটীত ৫০ হাজাৰ লোকক COVID 19 টেষ্টিং আৰম্ভ কৰা হ'ব। ইয়াৰ পাছতেই লক্ ডাউন বৃদ্ধি কৰা নকৰাৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷উল্লেখযোগ্য যে বৰ্তমান অসমত কৰ'ণাত সুস্থ হোৱাৰ সংখ্যা 48 শতাংশলৈ বৃদ্ধি পাইছে। এই ক্ষেত্ৰত অসমে কেৰালা,মহাৰাষ্ট্ৰ,উত্তৰ প্ৰদেশ,পশ্চিমবংগ আদিৰ দৰে ৰাজ্যত কৈয়ো অসমে আগস্থান লাভ কৰিছে যিটো অসমৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ৷
অসমত ২ লাখৰো অধিক লোকক কৰা হৈছে কৰ'ণা টেষ্ট। গুজৰাট,কেৰালা,মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যতকৈ কৰ'ণা টেষ্টৰ ক্ষেত্ৰত অসম আগত আছে ৷ লগতে ৪ জুনত অসমত কৰ'ণাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। সেইদিনটোত ২৮৫গৰাকী লোক আক্ৰান্ত হৈছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে।
অসমত সৰ্বাধিক কৰ'ণা আক্ৰান্ত জিলা হৈছে হোজাই জিলা,ইয়াৰ পাছতে ধুবুৰী আৰু নগাঁও জিলা। বৰ্তমান ৰাজ্যত আক্ৰান্ত হৈছে ৩৭১৮ গৰাকী ইয়াৰ বিপৰীতে আৰোগ্য হৈছে ১৫৮৪ গৰাকী। দেওবাৰৰ পৰা অসমত দৈনিক ১৫০ গৰাকীকৈ ৰোগী সুস্থ কৰিব পৰা গৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
বহিঃ ৰাজ্যৰ পৰা অহা আৰু অসমৰ পৰা ওলাই যোৱা লোকৰ তথ্য দাঙি ধৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, 'বৰ্তমান অসমলৈ বহিঃৰাজ্যৰ পৰা ওভতি আহিছে ১৭৩৪৯৩ গৰাকী। য'ত বাছ বা ব্যক্তিগত গাড়ীৰে আহিছে ৬৫১৫৬ গৰাকী, ৰেলেৰে আহিছে ৬৮৬৩০গৰাকী ইয়াৰ বিপৰীতে ৰেলেৰে অসমৰ বাহিৰত গৈছে ৬৭৫৭গৰাকী, বিমানেৰে অসমলৈ আহিছে ৩৭৯৩০ গৰাকী। বৰ্তমান সময়লৈকে ২০১৫৬ গৰাকী অসমৰ পৰা ওলাই গৈছে লগতে কেৰালাৰ পৰা অসমলৈ আহি আছে প্ৰায় ২৫হাজাৰ লোক। এই লোকসকল ৰে’লেৰে আহি আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃলাডাখ বিবাদ: ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ
অসমত বৰ্তমান সময়লৈকে টেষ্টিঙৰ সংখ্যা ২০১৫০৩ টা। অসমত বৰ্তমান ১১ টা লেবে টেষ্টিংৰ কাম কৰি আছে। ৪৫২ খন বিমান বৰ্তমান সময়লৈকে অসমত অৱতৰণ হৈছে। আনহাতে বহিঃৰাজ্যৰ পৰা ট্ৰাক,বাছবোৰ আহি ৰোৱা বিভিন্ন স্থানৰ সন্দৰ্ভতো চৰকাৰে ব্যৱস্থা লব বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
১৬জুনত গুৱাহাটীৰ ১২টা স্থানত কৰ'ণা টেষ্টৰ বাবে নমুনা দান কৰি পাৰিব জনসাধাৰণে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। ইয়াৰে ৫০ হাজাৰ লোকৰ ভিতৰত যদিহে ৫০০ লোক কৰ'ণাত আক্ৰান্ত হৈছে বুলি ধৰা পৰে তেন্তে গুৱাহাটীত প্ৰযোজ্য কৰা হব লক্ ডাউন।
মৃতদেহ সৎকাৰৰ পৰা কৰ'ণা সংক্ৰমণ নহয়। ৰাইজ বিভ্ৰান্ত হ’ব নালাগে। হোম কোৱাৰেন্টাইনত থকা ৰাজ্যৰ লোকসকলক চৰকাৰে প্ৰদান কৰিছে প্ৰায় ৮ কোটি টকা। হোটেল কোৱাৰেন্টাইন থকা লোকসকলৰ বাবদ চৰকাৰে বৰ্তমানলৈ ব্যয় কৰিছে ২৬কোটি টকা। বাহিৰত থকা লোকসকলক চৰকাৰে এতিয়ালৈকে প্ৰদান কৰিছে ১৫৩ কোটি টকা ৷ এই তথ্য সংবাদ মেল জৰিয়তে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে প্ৰতিবাদী কাৰ্যসূচীত সামাজিক দূৰত্ব পালন কৰিবলৈ ৰাইজক অনুৰোধ মন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে, ’মনন’নামৰ এক নেটৱৰ্ক মুকলি কৰিছে চৰকাৰে। ১০৪ ৰ জৰিয়তে এই নেটৱৰ্কৰ জৰিয়তে কেইবাগৰাকীও মনোৰোগ বিশেষজ্ঞই সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷