কামৰূপ,19 মেঃ সোমবাৰে এক সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসমৰ জন ধন একাউন্টত থকা মহিলাৰ একাউন্টত প্ৰতি মাহে 500 টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰা হয় । ইয়াৰ উপৰিও উজ্বলা চিলিণ্ডাৰ লাভ কৰা হিতাধিকাৰীক প্ৰদান কৰা হ'ব তিনিটাকৈ বিনামূলীয়া চিলিণ্ডাৰ ।
অসমৰ 6 হাজাৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগক বিনা বন্ধকত লোণ প্ৰদান কৰা হ'ব । লগতে অসমৰ প্ৰায় 66 হাজাৰ ক্ষুদ্ৰ উদ্যোগক ঋণ প্ৰদান কৰা হ'ব বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । যিসমূহ প্ৰকল্পৰ কাম লক ডাউনৰ বাবে বন্ধ হৈ আছিল তেওঁলোকৰ কাম শেষ কৰাৰ সময়সীমা 6 মাহলৈ বৃদ্ধি কৰা হৈছে । লগতে এমজিএনৰেগাৰ মজুৰিৰ ধন 182 টকাৰ পৰা 202 টকালৈ বৃদ্ধি কৰা হয় । অসমত প্ৰায় 16 লাখ লোকৰ কিষাণ ক্ৰেডিট কাৰ্ড আছে আৰু এতিয়াৰ পৰা গাহৰি, কুকুৰা, হাঁহ ফাৰ্মৰ বাবেও কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদানৰ কথা ঘোষণা কৰা হয় সোমবাৰৰ এই সংবাদমেলত ।