গুৱাহাটী,16 ডিচেম্বৰঃ দিছপুৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। শেহতীয়া পৰিস্থিতিৰ বিষয়ে মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। আন্দোলনৰ নামত চৰকাৰী সম্পত্তি ধ্বংস কৰা প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্তই।
ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব বিগত 10 ডিচেম্বৰৰ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ লগত হোৱা সংঘৰ্ষত 27 জন প্ৰতিবাদকাৰী চিকিৎসাধীন হোৱা বুলি মন্তব্য কৰে ৷ চিকিৎসাধীন হৈ থকা প্ৰতিবাদকাৰীৰ ভিতৰত 4 জন প্ৰতিবাদকাৰী মৃত্যু হোৱা বুলি সদৰী কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে, ইতিমধ্যে 13 জন সম্পূৰ্ণ সুস্থ বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব আনহাতে,প্ৰতিবাদ সন্দৰ্ভত আৰক্ষীয়ে সমগ্ৰ ৰাজ্যত 136 টা গোচৰ ৰুজু কৰিছে ৷ লগতে ঘটনা সন্দৰ্ভত 190 জন ব্যক্তি গ্ৰেপ্তাৰ কৰাৰ উপৰিও আৰু অধিক ব্যক্তি গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা বুলি মন্তব্য কৰে হিমন্তই ৷
ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব ইতিমধ্যে আৰক্ষী প্ৰশাসনে এনেধৰণৰ দুস্কাৰ্যৰ লগত জড়িত বহু ব্যক্তিৰ ওপৰত অভিযান অব্যাহত ৰাখিছে। মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাখন জিলাত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰা হৈছে বুলিও মন্তব্য কৰে। তাৰোপৰি ৰাজ্যত শীঘ্ৰে ইন্টাৰনেট উপলব্ধ হ'ব বুলিও মন্তব্য মন্ত্ৰী গৰাকীৰ। আনহাতে জাপান আৰু ভাৰতৰ সন্মিলন খন গুৱাহাটীতে অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে সংবাদমেলত ।
আৰু পঢ়কঃ হাইলাকান্দিত প্ৰতিবাদকাৰীক আটক