- ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ কাৰ্যালয়ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল৷ সংবাদমেল সম্বোধন কৰি ৰাজ্যত বৃদ্ধি পোৱা 'Covid 19' ৰোগী সন্দৰ্ভত মন্তব্য স্বাস্থ্যমন্ত্ৰী শৰ্মাৰ৷ ৰাজ্যৰ ভিতৰত কামৰূপ মেট্ৰ', হোজাই আৰু কামৰূপ গ্ৰাম্যত ৰোগীৰ সংখ্যা অধিক৷ বৰ্তমানলৈকে কামৰূপ মেট্ৰ'ত 37 গৰাকী, হোজাইত 23 গৰাকী আৰু কামৰূপ গ্ৰাম্যত 16 গৰাকী লোকৰ কৰ'ণা পজিটিভ পোৱা গৈছে৷ আনহাতে, বৰ্তমানলৈ কৰ'ণা মুক্ত হৈ আছে ৰাজ্যৰ 8 খনকৈ জিলা৷
- ৰাজ্যৰ কৰ'ণা আক্ৰান্ত 191 জন ৰোগীৰ ভিতৰত 36 জন টবলিগী জামাতৰ লগত জড়িত, 112 জন বহিঃৰাজ্যৰ পৰা অহা, ফাঁচি বজাৰৰ আলু গুডামৰ লগত জড়িত 32 জন লোক৷ ইয়াৰ বিপৰীতে বঙাইগাঁৱৰ 8 জন আৰু কামৰূপ গ্ৰাম্যৰ 1 জন ৰোগীৰ কৰ'ণা সংক্ৰমনৰ কাৰণ জানিব পৰা নাই স্বাস্থ্য বিভাগে৷
- স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি বৰ্তমানলৈ ৰাজ্যত প্ৰায় 40 হাজাৰ 33 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে৷ বিগত 21 দিনত প্ৰতিদিনে প্ৰায় 2ৰ পৰা 3 হাজাৰ লোকৰ কৰ'ণা পৰীক্ষা কৰা সম্ভৱ হৈছে ৷
- ইয়াৰ উপৰি, এখন জিলাক ৰেড জ'ন অথবা ওৰেঞ্জ জ'ন হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে সলনি কৰিছে নিয়ম৷ এতিয়াৰে পৰা এখন জিলাত 200 জন ব্যক্তিৰ 'covid 19' পজিটিভ পালেহে ৰেড জ'ন হিচাপে ঘোষণা হ'ব৷ ৰেড জ'ন অথবা ওৰেঞ্জ জ'নৰ পৰিৱৰ্তে কৰ'ণা আক্ৰান্ত লোক থকা অঞ্চলটোক 'Containment Zone' অথবা 'buffer zone' হিচাৰে ঘোষণা কৰিব প্ৰশাসনে৷ কিন্তু 'Containment Zone' ৰ তুলনাত 'buffer zone'ত কিছু নীতি নিয়ম শিথিল হ'ব ৷
- তদুপৰি, কৰ'ণা আক্ৰান্ত লোকক লৈ কোনো ধৰণৰ বিতৰ্ক হ'ব নালাগে বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ৷ ৰাজ্যখনত কৰ'ণা আক্ৰান্ত লোকসকলৰ ভিতৰত অধিকাংশই দক্ষিণ ভাৰত তথা মুম্বাই আদিৰ পৰা অহা৷ অনাগত দিনত ৰাজ্যত এই ৰোগীৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই৷
- সংবাদমেলযোগে স্বাস্থ্যমন্ত্ৰী শৰ্মাই কোৱাৰেণ্টাইনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি মন্তব্য প্ৰকাশ কৰে৷ বহিঃৰাজ্যৰ পৰা অহা সকলো ব্যক্তি তথা কৰ'ণা সংক্ৰমনৰ সন্দেহ থকা লোকসকলক "মানৱীয় দৰদৰ জড়িয়তে আপোচবিহীনভাৱে কোৱাৰেণ্টাইনত থকাৰ নীতি" মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ৷ যদি কোনো লোকে কোৱাৰেণ্টাইনৰ পৰা পলায়ন কৰে তেন্তে তেঁওৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰা হ'ব৷
- বহিঃৰাজ্যৰ পৰা অহা সুস্থ লোকসকলে প্ৰথম 7 দিন কোৱাৰেণ্টাইন চেন্টাৰত থকাৰ পৰিৱৰ্তে 7 দিন হ'ম কোৱাৰেণ্টাইন থাকিব লাগিব৷ আৰু ইয়াৰ বাবে সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব৷ প্ৰতিদিনে কোৱাৰেণ্টাইনত থকা এজন লোকৰ খাদ্যৰ বাবে 500 টকাকৈ আৰু আন আন খচৰ মিলাই 14 দিনত মুঠ 13 হাজাৰ টকাকৈ চৰকাৰৰ খৰচ হয়৷
- বৰ্তমানলৈ বহিঃৰাজ্যৰ পৰা অহা লোকৰ হিচাপ সন্দৰ্ভতো মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী শৰ্মাই৷ বৰ্তমানলৈকে ৰাস্তাৰে (By road) 25, 693 গৰাকী আৰু বিশেষ ৰেলেৰে 11,724 গৰাকী লোক ৰাজ্যলৈ আহিছে৷ লগতে, বৰ্তমানেও 12 লাখ লোক অপেক্ষাৰত অৱস্থাত আছে বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ৷
- বহিঃৰাজ্যত থকা লোকসকলক পৰ্যায়ক্ৰমে ৰাজ্যলৈ উভতি আহিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ৷ কিয়নো একেলগে অধিকসংখ্যক লোক ৰাজ্যলৈ উভতি আহিলে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত চৰকাৰ কিছু অসুবিধান সম্মুখীন হ'ব বুলি মন্তব্য শৰ্মাৰ৷
- তদুপৰি বহিঃৰাজ্যত থকা লোকসকলৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে 70 কোটি টকা৷ দ্বিতীয় বাৰৰ বাবে শুকুৰবাৰৰ পৰা ৰাজ্যৰ মুঠ 3 লাখ 61,170 গৰাকী লোকক পুনৰ 2 হেজাৰ টকাকৈ প্ৰদান কৰিব চৰকাৰে৷ লগতে, আগন্তুক মাহত তৃতীয়বাৰৰ বাবে পুনৰ এই ধন প্ৰদান কৰিব চৰকাৰে৷ ইয়াৰ বিপৰীতে একাউণ্ট নম্বৰ, ফোন নম্বৰ আদি ভূলৰ বাবে চৰকাৰে আগবঢ়োৱা ধন লাভ কৰিবলৈ সক্ষম নোহোৱা সন্দৰ্ভতো মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ৷ যদি স্থানীয় বিধায়ক, জিলা উপায়ুক্ত আদিয়ে এই সন্দৰ্ভত সঠিক তথ্য দিয়ে, তেন্তে বহিঃৰাজ্যত থকা এনে লোকসকলক এই ধন আগবঢ়াৱ চৰকাৰে৷ লগতে, বহিঃৰাজ্যত চিকিৎসাধীন অৱস্থাত থকা লোকসকলক ৰাজ্য চৰকাৰে 25 টকাকৈ আগবঢ়াৱ বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ বৰ্তমান ৰাজ্যৰ 860 গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে৷ ইয়াৰে প্ৰায় 200 গৰাকী ৰোগী ৰাজ্যলৈ উভতি অহা বুলি স্বাস্থ্য মন্ত্ৰীয়ে উল্লেখ কৰে৷
- চিকিৎসক সকলক কৰ্মৰ সময় সানসলনি কৰা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ৷ চিকিৎসকসকলে 7 দিন কাম কৰাৰ পৰিৱৰ্তে 7 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব৷ লগতে, কালাপাহাৰত থকা বি বৰুৱা কেঞ্চাৰ হাস্পতালত শীঘ্ৰে 'Covid 19' আক্ৰান্ত ৰোগী ৰখা হ'ব বুলি উল্লেখ কৰে৷
- বৰ্তমানলৈকে ৰাজ্যৰ 21, 499 খন গাঁৱত চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে গৈ স্বাস্থ্য পৰীক্ষা কৰিছে ৷ ইয়াৰ ভিতৰত 20 হাজাৰ লোকৰ জ্বৰ আৰু 8 জন ৰোগীৰ মেলেৰীয়া ধৰা পৰিছে৷ লগতে, 107 জন গুৰুতৰ ৰোগীক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ কিন্তু বৰ্তমানলৈকে গাঁও অঞ্চলত কোনো কৰ'ণা আক্ৰান্ত লোক পোৱা নাই বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী শৰ্মাই৷
- সংবাদমেলৰ শেষত ধনন্তৰী আঁছনি সন্দৰ্ভত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ৷ এই আঁছনিৰ জড়িয়তে বৰ্তমানলৈ 7,306 গৰাকী লোকক ঔষধ যোগান ধৰা হৈছে৷ কিন্তু ৰাজ্যত লকডাউন কিছু শিথিল কৰাৰ বাবে এই আঁছনিৰ পৰিবৰ্তন কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ এতিয়াৰে পৰা ধনন্তৰী আঁছনিৰ জড়িয়তে হম, হোটেল অথবা আন আন কোৱাৰেণ্টাইন ( institutional quarantine)ত থকা লোকক ঔষধ যোগান চৰকাৰে৷
অসমলৈ আহিলে কোৱাৰেন্টাইনত থাকিব লাগিবঃ হিমন্ত
বহিঃৰাজ্যৰ পৰা অহা সকলো ব্যক্তি তথা কৰ'ণা সংক্ৰমনৰ সন্দেহ থকা লোকসকলক "মানৱীয় দৰদৰ জড়িয়তে আপোচবিহীনভাৱে কোৱাৰেণ্টাইনত থকাৰ নীতি" মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ যদি কোনো লোকে কোৱাৰেণ্টাইনৰ পৰা পলায়ন কৰে তেন্তে তেঁওৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰা হ'ব৷
সংবাদমেলত কি কি ক'লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Last Updated : May 21, 2020, 8:12 PM IST