গুৱাহাটী, ২৬ ডিচেম্বৰ :নৱেম্বৰ মাহত অসম-মেঘালয় সীমান্তৰ মুক্ৰ’ত আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাটো আত্মৰক্ষা আৰু চৰকাৰী সম্পত্তিৰ সুৰক্ষাৰ বাবে কৰা ঘটনা আছিল ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আত্মপক্ষ সমৰ্থন কৰি কৰা শেহতীয়া মন্তব্য এয়া (CM Himanta Biswa comments on Mukroh incident) ৷
উল্লেখ্য, বিগত ২২ নৱেম্বৰত সংঘটিত উক্ত ঘটনাটোত ৫ গৰাকী মেঘালয়ৰ বাসিন্দা আৰু অসমৰ এগৰাকী বনৰক্ষীকে ধৰি ৬ গৰাকী লোক নিহত হৈছিল (Assam Meghalaya border conflict) । উক্ত প্ৰসংগতে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ সদ্যসমাপ্ত বিধানসভা অধিবেশনৰ (Assam Assembly Winter Session 2022) তাৰকাযুক্ত প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাই কয়— "অসমৰ বন বিষয়াগৰাকীক 'মেঘালয়ৰ পৰা অহা দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল' (home minister Himanta Biswa Sarma) । তাৰ পিছত আত্মৰক্ষাৰ বাবে আৰু চৰকাৰী সম্পত্তিৰ সুৰক্ষাৰ বাবে কৰা আৰক্ষীৰ গুলীচালনাৰ ফলত পাঁচজন লোকৰ মৃত্যু হয় ।"
পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে কয়— চুবুৰীয়া ৰাজ্যখনৰ লোকে অসমৰ জোৱানসকলক ঘেৰি ধৰি আক্ৰমণ কৰি আটক কৰা তিনিটা অবৈধ কাঠ সৰবৰাহকাৰীক মুকলি কৰি দিয়াৰ দাবী জনাইছিল, যাৰ ফলত তেওঁলোকে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগীয়া হয় (Meghalaya Mukroh incident) ।