তেজপুৰ, 14 জুন:2017 চনত মণিপুৰত বিধানসভা নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত কৰিবলৈ কৰিবলৈ মুখ্যমন্ত্ৰী কুকী সংগঠনৰ সৈতে বুজাবুজি কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতেই তোলপাৰ লাগিছে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় ৰাজনীতি ৷ ইউনাইটেড কুকি লিবাৰেশ্যন ফ্ৰণ্টৰ অধ্যক্ষ এছ এছ হাওকিপে গৃহমন্ত্ৰী অমিত শ্বাহলৈ লিখা এখন পত্ৰত পোহৰলৈ আহিছে কথা ৷ ইয়াকে এতিয়া বিৰোধীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷
বিষয় সন্দৰ্ভত ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থী বিৰোধী অভিযান বন্ধ ৰখা দুই কুকি সংগঠনৰ নেতাসকলক সাক্ষাৎ কৰে । এক বিশেষ সূত্ৰই জনোৱা মতে, নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটীত Suspension of Operations চমুকৈ SoO ৰ অধীনস্থ মণিপুৰৰ পৰা অহা দুটা কুকি বিদ্ৰোহী গোটৰ চাৰিজন নেতাক সাক্ষাৎ কৰে । এই কুকি বিদ্ৰোহী গোট ক্ৰমে কুকি নেচনেল অৰ্গেনাইজেচন কে এন অ’ (KNO) আৰু ইউনাইটেড পিপ’লছ ফ্ৰণ্ট (UPF)ৰ দুই গোটৰ চাৰিজন নেতা বুলি জানিবলৈ পৰা গৈছে ৷
এই বৈঠকত মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক ৰুদ্ধদ্বাৰ আলোচনা কৰা হয় আৰু সূত্ৰটোৱে জনোৱা মতে, SoO ৰ অধীনত কুকি সংগঠনৰ নেতাসকলৰ লগত হোৱা আলোচনাত নেডাৰ আহ্বায়কে সন্তুষ্টি প্ৰকাশ কৰে । “সভাখন ফলপ্ৰসূ আছিল, নেডাৰ আহ্বায়কৰ হস্তক্ষেপৰ পিচত কুকি নেতাসকলে মণিপুৰত শান্তি পুনৰ ঘূৰাই অনাৰ বাবে চেষ্টা চলাব’’ ৷ সূত্ৰটোৱে কয় । আনহাতে ইয়াৰ পূৰ্বে 10 জুনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ ইম্ফল ভ্ৰমণ কৰি মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে আলোচনাত মিলিত হয় ।