গুৱাহাটী, ২৩ মাৰ্চ :কুকুৰৰ মাংসৰ বিতৰ্কক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ (Maharashtra CM Eknath Shinde) । যোৱা ১৯ মাৰ্চত কুকুৰৰ মাংস বিতৰ্কক সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ প্ৰেৰণ কৰিছিল এই পত্ৰখন (Himanta Biswa Sarma letter to Eknath Shinde) । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই পত্ৰখন ৰাজহুৱা কৰিছে ।
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি মহাৰাষ্ট্ৰৰ বিধানসভাত মন্তব্য কৰিছিল (Bachchu Kadu controversial comments on Assam people) । গুৱাহাটীত ৰাজ আতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল, "অসমৰ মানুহে কুকুৰৰ মাংস খায় । মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক । অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ।"
কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলায় । লগতে বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Maharastra MLA Bachchu Kadu bizarre advice) । মন কৰিবলগীয়া যে অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথমদিনাই কুকুৰৰ প্ৰংসগই বিশেষ স্থান লাভ কৰিছিল । ৰাজ্যপালৰ ভাষণৰ মাজতে কুকুৰৰ প্ৰংসগক লৈ বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে । ইয়াকে লৈ সদনত এক হুলুস্থুলীয়া পৰিৱেশৰো সৃষ্টি হয় । বিৰোধীৰ উত্তাল প্ৰতিবাদত ৰাজ্যপালে ১৭ মিনিট ভাষণ দি ভাষণ আধাতে সামৰিবলৈ বাধ্য হৈছিল । আনহাতে, এই মন্তব্যৰ প্ৰতিবাদ জনাই বিৰোধীয়ে সদন আধাতে ত্যাগ কৰে ।