গুৱাহাটী, ৯ মে’ : আজি দুটা বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে (2nd anniversary of Himanta Biswa Sarma govt) ৷ এই উপলক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিয়লি সাংবাদিকৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে (Assam CM Press conference) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মত বিনিময় কৰি দাঙি ধৰিলে বিগত দুটা বছৰত চৰকাৰখনৰ কাম-কাজৰ খতিয়ান ৷
প্ৰথমেই মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৰাজ্যৰ শান্তি-শৃংখলাৰ ক্ষেত্ৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাত নিজৰ চৰকাৰৰ সফলতাৰ কথা (HBS govt completed 2 years)। হিমন্ত বিশ্ব চৰকাৰৰ প্ৰচেষ্টাত যোৱা দুটা বছৰত বড়োলেণ্ড চুক্তিকে ধৰি বহু কেইখন শান্তি চুক্তি স্বাক্ষৰ হৈছে । অসমৰ বাবে এয়া এটা ইতিবাচক খবৰ । অসমৰ প্ৰায়বোৰ জিলাত অশান্ত অঞ্চল আইন প্ৰত্যাহাৰ কৰা হৈছে ৷ এয়া বিশেষ সফলতা ৷ 2023 চনৰ ভিতৰত বাকী থকা অসমৰ 5 খন জিলাৰ পৰাও অশান্ত অঞ্চল আইন প্ৰত্যাহাৰ কৰাৰ বাবে চেষ্টা কৰা হৈছে ।
কৃষি খণ্ডৰ সফলতাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে যে, কৃষি ক্ষেত্ৰত অসমত কৃষক সকল উৎসাহিত হৈছে । 20 লাখ মেট্ৰিক টন ধান কাৰ্যকালৰ 5 টা বছৰত সংগ্ৰহ কৰাৰ লক্ষ্য । বিগত বছৰত 5 লাখ 25 হাজাৰ মেট্ৰিক টন ধান চৰকাৰে নিজাববীয়াকৈ সংগ্ৰহ কৰিছে ৷ এফচি আইৰ পৰা নিজাববীয়াকৈ ৰাজ্য চৰকাৰে লাহে লাহে ধান ক্ৰয় কৰা প্ৰক্ৰিয়া নিজৰ হাতলৈ অনাৰ কথাও সদৰী কৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ ধানৰ দৰে পৰৱৰ্তী বছৰৰ পৰা মিঠাতেলৰ বাবে সৰিয়হো কৃষকৰ পৰা কিনাৰ সিদ্ধান্ত, লগতে মিলেটো কৃষকৰ পৰা চৰকাৰে কিনাৰ সিদ্ধান্ত লোৱাৰ কথাও দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সদৰী কৰিলে মুখ্যমন্ত্ৰীজনে ৷
আনহাতে, সমবায় সমিতিৰ গো পালকক 1 জুনৰ পৰা 5 টকা অতিৰিক্ত ৰাজসাহাৰ্য দিয়াৰ সিদ্ধান্তৰ কথাও দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সাংবাদিকক সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ এনে সকলো সমবায়ৰ গাখীৰৰ 'ব্ৰেণ্ড নেম' এটাই থাকিব । অসমৰ দুগ্ধ উৎপাদনক আমূল বা নন্দিনীৰ পৰ্যায়ত নিয়াৰ সংকল্প লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ আইন শৃংখলাৰ ক্ষেত্ৰত অসমৰ পজিছন উন্নত হৈছে । কনভিক্সন ৰেট বঢ়াবৰ বাবেও হিমন্ত বিশ্ব চৰকাৰে লৈছে বিশেষ ব্যৱস্থা ৷ ৰাজ্য চৰকাৰৰ 5 খন Poscoআদালত বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমত নেশ্যনেল ফৰেনচিক কলেজ স্থাপনৰ পৰিকল্পনা কৰা হৈছে ৷ অসমৰ প্ৰতিখন মেডিকেল কলেজত Bsc, Msc নাৰ্ছিং পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব অসম চৰকাৰে । লগতে মেডিকেল কলেজসমূহত এটাকৈ বিদশী ভাষা নাৰ্ছসকলক শিকোৱা হ’ব ৷ অসমত ৰেচন কাৰ্ড থকা মানুহ আছে প্ৰায় 55 লাখ । তেওঁলোকক মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ডৰ জড়িয়তে ৫ লাখ টকা দিয়াৰ ব্যৱস্থা কৰা হ’ব । প্ৰতিটো ৰোগৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই কাৰ্ড ৷