গুৱাহাটী, ৩ জানুৱাৰীঃ দেশজুৰি "কা" বিৰোধী আন্দোলন যিমানে তীব্ৰতৰ হৈ উঠিছে সিমানেই তুংগত উঠিছে বিজেপিৰ "কা" ৰ সমৰ্থনত প্ৰচাৰ অভিযান । সমগ্ৰ দেশতে "কা" ৰ সমৰ্থনত জনতাক বুজাবলৈ , "কা" বিৰোধী আন্দোলন প্ৰতিহত কৰিবলৈ বিজেপি নামি পৰিছে । শেহতীয়াকৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই এই আন্দোলন প্ৰতিহত কৰিব পৰাকৈ দেশজুৰি একাংশ বচা বচা নেতাক বিশেষভাবে দায়িত্ব অৰ্পণ কৰিছে ।
"কা" ৰ সমৰ্থনত প্ৰচাৰঃ দিল্লীয়ে ১১ ৰাজ্যৰ দায়িত্ব দিলে হিমন্তক - HIMANTA BISWA SARMA ON CAA SUPPORT
অসমসহ উত্তৰ পূৱৰ আঠোখন ৰাজ্যৰ লগতে পশ্চিমবংগ , ঝাৰখণ্ড আৰু ওড়িশাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডঃ হিমন্তবিশ্ব শৰ্মাক । ডঃ শৰ্মাক সহায় কৰিবলৈ তেওঁৰ লগত থাকিব ৰাহুল সিনহা ।
সেইমৰ্মে অসমসহ উত্তৰ পূৱৰ আঠোখন ৰাজ্যৰ লগতে পশ্চিমবংগ , ঝাৰখণ্ড আৰু ওড়িশাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডঃ হিমন্তবিশ্ব শৰ্মাক । ডঃ শৰ্মাক সহায় কৰিবলৈ তেওঁৰ লগত থাকিব ৰাহুল সিনহা । অনুৰূপভাবে তামিলনাডু , অন্ধ্ৰ প্ৰদেশ , তেলেংগানা , কেৰেলা ,কৰ্ণাটক আৰু পুডুচেৰীৰ দায়িত্ব দিয়া হৈছে ৰবীন্দ্ৰ ৰাজুক । হাৰিয়ানা , পঞ্জাৱ , হিমাচল , চণ্ডীগড় আৰু জম্মু কাশ্মীৰৰ দায়িত্বত থাকিব সুৰেশ ভাট ।
একেদৰে , বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দায়িত্বত আছে অনিল জৈন । মহাৰাষ্ট্ৰ , ৰাজস্থান , গুজৰাট , গোৱা , দমন ডিউৰ দায়িত্ব দিয়া হৈছে সৰোজ পাণ্ডেক । মধ্য প্ৰদেশ , উত্তৰাখণ্ড , দিল্লী , চত্তিছগড়ৰ দায়িত্বত থাকিব অবিনাশ ৰায় । ৫ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে এওঁলোকে "কা" ৰ সমৰ্থনত প্ৰচাৰ চলাব ।