অসম

assam

ETV Bharat / state

1 জানুৱাৰী 2020ৰ পৰা কাৰ্যকৰী হ’ব অৰুন্ধতী আঁচনি - এতিয়ালৈ NRC গ্ৰহণ কৰা নাই অসম চৰকাৰেঃ হিমন্ত বিশ্ব শৰ্মা

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ সংবাদমেলত কেবিনেটত অনুমোদন জনোৱা অৰুন্ধতী স্বৰ্ণ আঁচনিৰ সম্পৰ্কত বহু তথ্য প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

1 জানুৱাৰী 2020ৰ পৰা কাৰ্যকৰী হ’ব অৰুন্ধতী আঁচনি

By

Published : Nov 20, 2019, 5:23 PM IST

Updated : Nov 20, 2019, 5:53 PM IST

গুৱাহাটী, 20 নৱেম্বৰঃ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ সংবাদমেলত কেবিনেটত অনুমোদন জনোৱা অৰুন্ধতী স্বৰ্ণ আঁচনিৰ সম্পৰ্কত সকলো প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

  • অৰুন্ধতী আঁচনিঃ
  • এই আঁচনিৰ মূল লক্ষ্য বিবাহ পঞ্জীয়ন কৰা ৷
  • এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
  • অহা 1 জানুৱাৰী 2020ৰ পৰা কাৰ্যকৰী হ’ব এই আঁচনি ৷
  • 1 জানুৱাৰী 2020ৰ পিছত হোৱা বিবাহ এই সুবিধা লাভ কৰিব পাৰিব।
  • বিবাহিত দম্পত্তীয়ে Special Marriage Act 1954ত পঞ্জীয়ন কৰিব লাগিব।
  • চক্ৰ বিষয়াৰ কাৰ্যালয়তো বিবাহ পঞ্জীয়ন কৰিব পাৰিব ।
  • সংবিধান অনুসৰি বিবাহৰ বাবে কইনাৰ বয়স ন্যূনতম 18 বছৰ আৰু দৰাৰ ন্যূনতম 21 বছৰ হ’ব লাগিব ।
  • এই আঁচনিৰ সুবিধা পাবৰ বাবে দৰা-কইনা মেট্ৰিক উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক ।
  • কিন্তু চাহ বাগিচা আৰু আদিবাসী লোকসকল এই আঁচনিৰ সুবিধাৰ বাবে মেট্ৰিক উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক নহয়।
  • এই আঁচনিৰ বাবে অনলাইনযোগেও আবেদন কৰিব পাৰিব ।
  • এই আঁচনিৰ বাবে বছৰি 800 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ।
  • এই আঁচনিৰ লক্ষ্য হ’ল জনসংখ্যা নীতি আৰু নাৰী সবলীকৰণ কৰা ।
    1 জানুৱাৰী 2020ৰ পৰা কাৰ্যকৰী হ’ব অৰুন্ধতী আঁচনি

আনহাতে NRC সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সংবাদমেলত ৷ এতিয়ালৈ NRC গ্ৰহণ কৰা নাই অসম চৰকাৰে । সমগ্ৰ ভাৰতবৰ্ষতে এটা হ’ব লাগে NRCৰ ভিত্তিবৰ্ষ ৷ সমগ্ৰ দেশৰ লগতে অসমত আকৌ NRC হ'ব লাগে বুলি অমিত শ্বাহে সদনত কৰা মন্তব্যক আদৰণি হিমন্তৰ । ইফালে CAB সম্পৰ্কে তেওঁ কয় যে অসমৰ ৰাইজে CAB বিচাৰে নে নিবিচাৰে সেয়া পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত তাৰ উত্তৰ ইতিমধ্যই লাভ কৰা গৈছে ৷

আৰু পঢ়কঃ যোৰহাটত এইবাৰ আৰক্ষী উপ মহাপৰিদৰ্শকৰ হাতত নিগৃহীত সাংবাদিক

Last Updated : Nov 20, 2019, 5:53 PM IST

ABOUT THE AUTHOR

...view details