গুৱাহাটী,২ এপ্ৰিলঃনিজামুদ্দিনৰ ঘটনাৰ লগত জড়িত অসমৰ ৭৩২ জন লোকৰ তালিকাখনৰ ২২৬ জন এতিয়াও অসমলৈ ঘূৰি অহা নাই । বাকী থকা সকলৰ ভিতৰত ৪৮৮ জনক ইতিমধ্যে চৰকাৰে চিনাক্ত কৰিছে আৰু ইয়াৰে ৩৬১ গৰাকীৰ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । বৃহস্পতিবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
আনহাতে, দিল্লীত ইতিমধ্যে পজিটিভ বুলি ধৰা পৰা তবলীক ই জামাতলৈ যোৱা চাৰিজন লোকৰ উপৰি নতুনকৈ অসমৰ বাহিৰত আৰু চাৰিজন কোভিড 19 পজিটিভ বুলি ধৰা পৰিছে ৷ ইয়াৰে দুজন লোক মুম্বাইৰ । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, বৃহস্পতিবাৰে বিয়লি পৰ্যন্ত অসমত আক্ৰান্তৰ সংখ্যা ১৬ জনতে স্থিৰ হৈ আছে । উল্লেখ্য যে, বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৫৪ খন নতুন আই চি ইউ বিচনা কোভিড 19 ৰোগীৰ বাবে মন্ত্ৰী ডঃ শৰ্মাই মুকলি কৰে ।