গুৱাহাটী, ১৬ জুলাই : ক'ভিড-19ৰ পৰা উদ্ধাৰ পোৱাৰ ক্ষেত্ৰত শেহতীয়াকৈ প্লাজমা থেৰাপীয়ে যোগাত্মক সহাৰি দিছে । ইতিমধ্যে ক'ভিড সংক্ৰমণৰ পৰা মুক্ত হৈ ঘৰলৈ ঘূৰি যোৱা অসমৰ কেইবাজনো লোকে স্বেচ্ছাই নিজৰ প্লাজমা দান কৰিছে আৰু অসমৰ স্বাস্থ্য বিভাগে ইতিমধ্যে এক প্লাজমা বেংকো স্থাপন কৰিছে । অসুস্থ হৈ থকা কোভিড ৰোগীক এই প্লাজমাৰে সুস্থ কৰি তুলিব পাৰি । এজন লোকে দান কৰা প্লাজমাৰে দুজন ক'ভিড ৰোগীক সুস্থ কৰি তুলিব পাৰি । বৃহস্পতিবাৰে দিছপুৰৰ এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । তেওঁ লগতে এই বুলিও কয় যে ক'ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠা লোকেহে যিহেতু প্লাজমা দান কৰিব পাৰে সেয়েহে কাইলৈৰ পৰা দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্লাজমা বিচাৰি অসম চৰকাৰে বিজ্ঞাপন প্ৰকাশ কৰিব ।
ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ লোকে যদি অসমলৈ আহি নিজৰ প্লাজমা দান কৰিব বিচাৰে তেন্তে তেওঁৰ বিমানত অহা,যোৱা,থকা সকলো ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ উপৰিও তেওঁক ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ'ব । আনহাতে, অসমত ইতিমধ্যে কোভিডৰ পৰা সুস্থ হৈ উঠা লোকসকলকো বাকীসকলৰ জীৱন ৰক্ষা কৰিব পৰাকৈ স্বেচ্ছাই প্লাজমা দান কৰিবলৈ তেওঁ আহ্বান জনায় । উল্লেখযোগ্য যে কোভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ 28 দিনৰ পিছত যিকোনো লোকে প্লাজমা দান কৰিব পাৰে । প্লাজমা থেৰাপীৰ দ্বাৰা 90 শতাংশ লোক মৃত্যুমুখৰ পৰা ঘূৰি আহিব পাৰে বুলি তেওঁ কয় । অসমত যিসকলে প্লাজমা দান কৰিব তেওঁলোকে একোখন প্ৰমাণপত্ৰ লাভ কৰিব আৰু অনাগত দিনত সকলো চৰকাৰী আঁচনি বা নিযুক্তি আদিত অগ্ৰাধিকাৰ লাভ কৰিব বুলিও ডঃ শৰ্মাই ঘোষণা কৰে ।