আলু গুদামৰ পৰা 15 গৰাকী ব্যক্তিলৈ সংক্ৰমণ হৈছিল COVID-19 - HIMANTA BISWA AT PALTAN BAZAR
সমগ্ৰ বিষয়টো স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তত্বাৱধান কৰে। আনহাতে যাত্ৰীসকল ট্টেইনৰ পৰা নমাৰ লগে লগে স্বাস্থ্য বিভাগৰ এটা টীমে স্বাস্থ্য পৰীক্ষা কৰে।
গুৱাহাটী, 13 মে'ঃ বহিৰাজ্যৰ পৰা গুৱাহাটী আহি পালে প্ৰথম খন যাত্ৰীবাহী ট্ৰেইন। গুৱাহাটীত ৭৮ জন যাত্ৰীৰ ঠাইত প্ৰায় ৯০ জন ব্যক্তি নামিলে। সকলো যাত্ৰীকে পোনে পোনে লৈ যোৱা হ'ল সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰলৈ । সমগ্ৰ বিষয়টো স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তত্বাৱধান কৰে। আনহাতে যাত্ৰীসকল ট্টেইনৰ পৰা নমাৰ লগে লগে স্বাস্থ্য বিভাগৰ এটা টীমে স্বাস্থ্য পৰীক্ষা কৰে।
অসমত নতুনকৈ চিনাক্ত হোৱা ১৫ জন কভিড পজিটিভ ৰোগী ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,'আক্ৰান্ত হোৱা ১৫ জনেই গুৱাহাটী মহানগৰীৰ ফেন্সী বজাৰৰ আলু গুদামৰ পৰা সংক্ৰমণ হৈছিল।'