গুৱাহাটী, ১৩ ডিচেম্বৰ: বড়োভূমিৰ ৰাজনীতিৰ অভিকেন্দ্ৰ স্বৰূপ হৈ পৰিছে গুৱাহাটীৰ হোটেল লিলি । দেওবাৰে পুৱাৰে পৰা নিশালৈকে হাই প্ৰফাইল নেতাৰে ভৰি পৰিছে হোটেল লিলি ৷ বড়োভূমিৰ বিভিন্ন ৰাজনৈতিক সমীকৰণ নিৰূপনৰ প্ৰাণকেন্দ্ৰ ৰূপে চিহ্নিত হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব । দেওবাৰে ৰাতিপুৱা ড৹ হিমন্তবিশ্ব শৰ্মা, প্ৰমোদ বড়ো, নৱ শৰণীয়া, ৰণজিত দাস সমন্বিতে বিজেপি, ইউ পি পি এল আৰু জি এছ পিৰ নেতৃবৰ্গৰ উপৰিও তিনিওটা দলৰ নিৰ্বাচিত এম চি এল এ সকল ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ।
বি টি আৰত পৰিষদ গঠন কৰাৰ বাবে ৰাজভৱনত সদলবলে হিমন্ত বিশ্ব শৰ্মা - ৰাজ্যপাল অধ্যাপক জগদীশ মুখী
বড়োভূমিৰ বিভিন্ন ৰাজনৈতিক সমীকৰণ নিৰূপনৰ প্ৰাণকেন্দ্ৰ ৰূপে চিহ্নিত হৈছে গুৱাহাটীৰ হোটেল লিলি ৷ দেওবাৰে পুৱাৰে পৰা নিশালৈকে বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ নিৰূপন কৰা হৈছে হোটেল লিলিত ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো, নৱ শৰণীয়া, ৰণজিত দাস সমন্বিতে নিৰ্বাচিত এম চি এল এ সকলে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ বি টি আৰত পৰিষদ গঠনৰ দাবী লৈ ৰাজভৱনলৈ ৰাওনা হয় ৷
তাৰ পাচতে সদলবলে ৰাওনা হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহলৈ। তাৰ পৰাই মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত তিনিওটা দলৰ ২১ গৰাকী নিৰ্বাচিত এম চি এল এ, বিজেপিৰ সভাপতি ৰণজিত দাস, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু জি এছ পিৰ সভাপতি নৱ শৰণীয়া বি টি আৰত পৰিষদ গঠনৰ দাবী লৈ ৰাওনা হয় ৰাজভৱনলৈ । অৱশ্যে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী সম্প্ৰতি চেন্নাইত থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যপালৰ আয়ুক্ত সচিবৰ হাতত দলটোৱে পৰিষদ গঠনৰ প্ৰস্তাৱ দাখিল কৰে ।
লগতে পঢ়ক:বি পি এফৰ তিনি মন্ত্ৰী অবিহনে অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন