অসম

assam

সাৰ্বভৌমত্তৰ দাবীত আলফা অটল থকাৰ বাবেই সম্ভৱ হোৱা নাই আলোচনা: মুখ্যমন্ত্ৰী

By

Published : Jul 3, 2021, 10:43 PM IST

ৰাজধানী দিল্লীত সাংবাদিকে আলফাৰ সৈতে শান্তি আলোচনা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সৰৱ হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা সাৰ্বভৌমত্বৰ দাবীত অটল থকাৰ বাবেই এই আলোচনা এতিয়াও সম্ভৱপৰ হৈ উঠা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

himanta-bishwa-sarma-speaks-about-peace-talk-with-ulfa
সাৰ্বভৌমত্তৰ দাবীত আলফা অটল থকাৰ বাবেই সম্ভৱ হোৱা নাই আলোচনা

নিউজ ডেস্ক, 3 জুলাই : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma)ই শনিবাৰে সাৰ্বভৌমত্বৰ বিষয়ত আলফা (United liberation front of Assam)ৰ সৈতে আলোচনাৰ সম্ভাৱনাৰ বিষয়টো অস্বীকাৰ কৰে । নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে সম্ভাৱ্য আলোচনাৰ অগ্ৰগতি সন্দৰ্ভত সোধা প্ৰশ্নত শৰ্মাই স্পষ্ট কৰি দিয়ে, "সাৰ্বভৌমত্বৰ বিষয়ত আলফাৰ (ULFA) সৈতে আলোচনা একেবাৰে সম্ভৱ নহয়।" ড৹ শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ পৰ্যায়ক্ৰমে আলফাৰ (ULFA) সৈতে আলোচনাৰ তৎপৰতা আৰম্ভ কৰিছি ল।

অৱশ্যে, আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা (Paresh Baruah) সাৰ্বভৌমত্বৰ দাবীত অটল থকাৰ বাবেই এই আলোচনা এতিয়াও সম্ভৱপৰ হৈ উঠা নাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আলফাৰ সৈতে কথা পতাটো বৰ্তমান এক অতি অদ্ভুত স্থিতিত আছে । আলফাৰ মতে তেওঁলোকে কেৱল সাৰ্বভৌমত্বৰ বিষয়ে আলোচনা কৰিব আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এজন বিধায়কলৈকে, সকলোৱে সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ শপত লয় । সেয়েহে, আমি দুয়োটা পক্ষৰ বাবে এক কাৰ্যকৰী বিকল্প বিচাৰি থকাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সাৰ্বভৌমত্তৰ দাবীত আলফা অটল থকাৰ বাবেই সম্ভৱ হোৱা নাই আলোচনা

তেওঁ লগতে জনায় যে, পৰেশ বৰুৱাৰ (Paresh Baruah) সৈতে কিছু লোকৰ আলোচনা চলি আছে আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিষয়টোত কথা পাতি আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ ৰাজধানীত তেওঁৰ তিনি দিনীয়া ভ্ৰমণ সমাপ্ত কৰাৰ পিছত নতুন দিল্লীত সাংবাদিকৰ সৈতে কথা জানিবলৈ দিয়ে যে, দিল্লীত থকা সময়ছোৱাত ড৹ শৰ্মাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, প্ৰলহাদ যোশীক সাক্ষাৎ কৰে ।

শৰ্মাই কয়, "স্মৃতি ইৰাণীৰ সৈতে মোৰ কথা-বতৰাৰ সময়ত আমি শিশুৰ পুষ্টিৰ বিষয়ত আলোচনা কৰিছিলো ।" মুখ্যমন্ত্ৰীয়ে কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে হোৱা বৈঠকত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰত কয়লাৰ মিনিজিং বৈধ কৰিবলৈ আহ্বান জনায় বুলি জানিবলৈ দি কয়, "বৰ্তমান এই অঞ্চলবোৰত কয়লাৰ অবৈধ খনন চলি আছে । মই প্ৰহ্লাদ যোশীক অঞ্চলবোৰত খনন বৈধ কৰিবলৈ আহ্বান জনাইছো যাতে চৰকাৰে কিছু ৰাজহ লাভ কৰে ৷"

চুবুৰীয়া অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে সীমান্ত সংঘৰ্ষৰ বিষয়টো সন্দৰ্ভত সোধাত শৰ্মাই কয় যে, তেওঁ তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে আলোচনা কৰি আছে। "মই ইতিমধ্যে এই বিষয়টোত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা (Mizoram CM Zoramthanga)লৈ চিঠি লিখিছো । দৰাচলতে, অসম আৰু মিজোৰামৰ মুখ্য সচিবে ৯ জুলাইত নতুন দিল্লীত সীমান্ত সমস্যা সন্দৰ্ভত দ্বিপাক্ষিক আলোচনাৰ বাবে বহিছে ৷ "

তেওঁ কয় যে, সকলো ৰাজ্য চৰকাৰে নিজকে নিয়ন্ত্ৰণ কৰিব লাগে আৰু সীমান্ত বিবাদ(border conflict) সৌহাৰ্য্যপূৰ্ণ সমাধান কৰিবলৈ আলোচনা অব্যাহত ৰাখিব লাগে । ইয়াত উল্লেখ কৰিব পাৰি যে ভূমি বেদখলৰ বিষয়টোক লৈ যোৱা দুদিন ধৰি অসমৰ হাইলাকান্দি খণ্ডত অসম আৰু মিজোৰামৰ লোকসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল ।

ৰাজ্যখনত সংখ্যালঘু সম্প্ৰদায়ৰ জনসংখ্যা নিয়ন্ত্ৰণ (population control of minority community) সন্দৰ্ভত তেওঁৰ বক্তব্যৰ বিষয়ে সোধাত শৰ্মাই কয় যে তেওঁ এই বিষয়টোত ছাত্ৰ নেতা আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বুদ্ধিজীৱীসকলৰ সৈতে আলোচনা কৰি আছে , তেওঁলোকে বিষয়টোৰ গুৰুত্বও বুজি পাইছে কেৱল কথাটো হ'ল যে কিছু সংখ্যক লোকে বিষয়টোক লৈ বিতৰ্ক সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে কিয়নো এজন বিজেপি দলৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো উত্থাপন কৰিছে ৷

লগতে পঢ়ক :আৰক্ষীৰ গুলীচালনাত গুলীবিদ্ধ গো-মাফিয়া চূড়াংগী

ABOUT THE AUTHOR

...view details