গুৱাহাটী, 20 নৱেম্বৰ: বিশেষ কেইটামান ৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত বৃহস্পতিবাৰে জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলত কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰে ৷ ধৰ্মৰ নামত কংগ্ৰেছে দুমুখীয়া স্থিতি গ্ৰহণ কৰে ৷ জম্মু-কাশ্মীৰ আৰু অসমৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতি পৃথক পৃথক ৷ কাশ্মীৰত ধাৰা 370 আৰু 35(A) প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰতো কংগ্ৰেছ নিকৃষ্ট ৰাজনীতি কৰি থকা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে কংগ্ৰেছে অতীত পাহৰি বিচ্ছিন্নতাবাদীৰ চৰিত্ৰ লৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
ইফালে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সন্দৰ্ভতো বিৰূপ মন্তব্য কৰে নেতাগৰাকীয়ে ৷ লুৰিণজ্যোতি গগৈক প্ৰথমে ৰাজনীতি শিকি বুজি লৈ তাৰ পিছত সক্ৰিয় ৰাজনীতিলৈ আহিবলৈ উপদেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, অসমত গঠন হোৱা নৱ নিৰ্বাচিত আঞ্চলিক ৰাজনৈতিক দল সমূহকো তীৰ্যক মন্তব্যৰে উপলুঙা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷