অসম

assam

By

Published : Oct 23, 2019, 7:01 PM IST

ETV Bharat / state

12 বিধ ৰোগৰ ক্ষেত্ৰত অটল অমৃতৰ পৰা কি সুবিধা পাব ?

এতিয়াৰে পৰা 12 বিধ ৰোগক সামৰি ল'ব অটল অমৃত অভিযানে ৷ জনতা ভৱনত সংবাদমেলযোগে এই মন্তব্য বিত্ত তথা স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ এইমচৰ কাম প্ৰায় 25 শতাংশ সম্পূৰ্ণ হৈছে ৷ 2021 চনত ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে এইমচ ৷

হিমন্ত বিশ্বৰ সংবাদমেল

গুৱাহাটী, 23 অক্টোবৰঃবুধবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলযোগে স্বাস্থ্যখণ্ডত ৰাজ্য চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা কেইটাবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ এতিয়াৰে পৰা 12 বিধ ৰোগক সামৰি ল'ব অটল অমৃত অভিযানে৷ পূৰ্বৰ ছয়বিধ ৰোগৰ সমান্তৰালকৈ নতুনকৈ ছয়বিধ ৰোগক সামৰি ল'ব ৰাজ্য চৰকাৰৰ অটল অমৃত অভিযানে ৷ 1 নৱেম্বৰৰ পৰা কাৰ্যকাৰী হ'ব এই ব্যৱস্থা ৷ অটল অমৃত অভিযানৰ ক্ষেত্ৰত 140 কোটি ধন মোকলাই দিয়াৰ লগতে আঁচনিখনৰ জৰিয়তে 60 হাজাৰ লোকক সাহায্য প্ৰদান কৰা হৈছে বুলিও মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰে ভিতৰত 424 গৰাকী কৰ্কট ৰোগী, 20 হাজাৰ বৃক্কৰ ৰোগীয়ে সুবিধা লাভ কৰিছে ৷ আগন্তুক দিনবোৰত আই চি ইউ (ICU),দুৰ্ঘটনা,14 বছৰৰ তলৰ শিশুৰ যিকোনো গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ,জাপানীজ এনকেফেলাইটিছ,ব'নমেৰু পুনৰ সংৰোপণ,আদি ৰোগক সামৰি ল'ব অটল অমৃত অভিযানে ৷

হিমন্ত বিশ্বৰ সংবাদমেল

অটল অমৃতৰ অধীনত 41 খন বেচৰকাৰী হাস্পতাল সংযুক্ত হৈ আছে ৷ গুৱাহাটীৰ আটাইকেইখন বেচৰকাৰী হাস্পতাল সংযুক্ত হৈ আছে এই অভিযানৰ অধীনত ৷ নতুন ব্যৱস্থাৰ জৰিয়তে নগদ বিহীন সেৱা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা দ্বিগুণ হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে,জাপানীজ এনকেফেলাইটিছৰ সৈতে মুখামুখি হ'বলৈ ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে ৷

জনতা ভৱনত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ইপিনে,এইমছ সন্দৰ্ভত কয় যে,এইমছৰ কাম প্ৰায় 25 শতাংশ সম্পূৰ্ণ হৈছে ৷ 2021 চনত ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে এইমছ ৷ লগতে ৰাজ্যৰ 9 খন কেন্সাৰ হাস্পতালৰ কাম 10 শতাংশ আগবাঢ়িছে ৷ বাকী কেইখনৰ কাম 5 শতাংশ আগবাঢ়িছে ৷ লাৰচেন এণ্ড টাৰ্বোই চলাই গৈছে কেন্সাৰ হাস্পতালৰ নিৰ্মাণ কাৰ্য ৷

ABOUT THE AUTHOR

...view details