গুৱাহাটী, 15 অক্টোবৰ :বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাচতেই উভতি ধৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈয়ে ৷ মঙলবাৰে মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক এজন পেইড ছিংগাৰ আখ্যা দিয়াৰ লগতে তেওঁৰ নিচিনা পেইড ছিংগাৰ দেশত দ্বিতীয়জন নাই বুলিও মন্তব্য কৰিলে তৰুণ গগৈয়ে ৷
"হিমন্ত বিশ্ব শৰ্মা এজন পেইড ছিংগাৰ": তৰুণ গগৈ
মঙলবাৰে মহানগৰীত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ হিমন্ত বিশ্ব শৰ্মাক এজন পেইড ছিংগাৰ আখ্য দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷
ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তিনি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সোমবাৰে বৰপেটাৰ জনীয়াত অভিনেতা তৌফিক ৰহমানৰ হৈ প্ৰচাৰ চলাইছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত নিজ ভাষণ প্ৰসংগত বিজেপিৰ তুলনাত কংগ্ৰেছৰ আমোলতহে সংখ্যালঘু ৰাইজৰ ওপৰত অধিক অত্যাচাৰ চলোৱা হৈছিল বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাৰ এনে মন্তব্যৰ পাচতেই মঙলবাৰে উভতি ধৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ একালত গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজৰ নৈ বৈ বুলি মন্তব্য কৰা হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ জয়গান গাইছে ৷ হিমন্ত বিশ্ব শৰ্মা কেতিয়াবা ইফালে কেতিয়াবা সিফালে যোৱা বিধৰ ব্যক্তি বুলিও কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে সংবাদমেলযোগে বিজেপিৰ দুৰ্বল নীতি,আৰু দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে মোদী চৰকাৰক সমালোচনা কৰে তৰুণ গগৈয়ে ৷ অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুমলীগড় শোধনাগাৰ কেন্দ্ৰ চৰকাৰে ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত দুৰ্ভাগ্যজনক,এইক্ষেত্ৰত বিৰোধিতা নকৰাটো পৰিতাপৰ বিষয় বুলিও আখ্য দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷