গুৱাহাটী, 27 জুনঃশুকুৰবাৰে নিশা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৷ তাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে পৰ্যবেক্ষণ কৰে নিৰ্মাণ কাৰ্য চলি থকা অস্থায়ী COVID চিকিৎসালয়খন ৷ ৮০০খন বিচনাযুক্ত এই অস্থায়ী চিকিৎসালয়খনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ।
খানাপাৰাৰ নিৰ্মীয়মান অস্থায়ী ক'ভিড হাস্পতাল পৰিদৰ্শন হিমন্তৰ - স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
৮০০খন বিচনাযুক্ত এই অস্থায়ী চিকিৎসালয়খনৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । চিকিৎসালয় খনত ৰোগীৰ বাবে সকলো সু-ব্যৱস্থা ৰাখিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
নিৰ্মাণ কাৰ্য চলি থকা অস্থায়ী COVID চিকিৎসালয়
তেওঁ চিকিৎসালয় খন পৰিদৰ্শন কৰি ৰোগীৰ বাবে তাত সকলো সু-ব্যৱস্থা ৰাখিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, প্ৰতিদিনে গুৱাহাটী মহানগৰীত বৃদ্ধি পাবলৈ লৈছে COVID আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে চিকিৎসালয়ত ৰোগীৰ বাবে বিছনাৰ অভাৱ হোৱাৰ পূৰ্ণ আশংকা আছে ৷ সেয়ে এই আশংকাৰ প্ৰতি লক্ষ ৰাখি নিৰ্মান কৰা হৈছে এইখন অস্থায়ী COVID চিকিৎসালয় ৷
লগতে পঢ়কঃতেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ
Last Updated : Jun 27, 2020, 1:47 AM IST