গুৱাহাটী, ২০ মাৰ্চঃকৰ'ণা ভাইৰাছে যাতে ৰাজ্যখনত কোনো প্ৰভাৱ পেলাব নোৱাৰে সেই বিষয়ে চৰকাৰে গ্ৰহণ কৰা সাৱধানতামূলক পদক্ষেপ সমূহৰ বিষয়ে আজি বিয়লি ৰাজ্যপাল জগদীশ মুখীক অৱগত কৰে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজভৱনত ৰাজ্যপাল গৰাকীক সাক্ষাৎ কৰি দুয়োজনে বৰ্তমানলৈকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সজাগতামূলক ব্যৱস্থা সমূহৰ বিষয়ে বিতংকৈ জনোৱাৰ লগতে আগন্তুক ৪৮ ঘন্টাত ৰাজ্য চৰকাৰে আৰু কি কি ব্যৱস্থা হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়েও অৱগত কৰে। বিশেষকৈ ৰাজহুৱা স্থানসমূহৰ লগতে বৃহৎ শ্বপিং মল আৰু বজাৰ সমূহত অহা দুদিনৰ ভিতৰত জনসমাগমৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে চৰকাৰে যি নতুন ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়েও ৰাজ্যপাল গৰাকীক জনোৱা হয় ।
কৰ'ণাৰ সন্ত্ৰাসঃ চৰকাৰৰ স্থিতি ৰাজ্যপালক জনালে সোণোৱাল-হিমন্তই - সোণোৱাল-হিমন্ত
কৰ'ণা ভাইৰাছৰ বাবে লোৱা কেতবোৰ সাৱধানতামূলক পদক্ষেপ বিষয়ে আজি বিয়লি ৰাজ্যপাল জগদীশ মুখীক অৱগত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
ৰাজ্যপালক জনালে সোণোৱাল-হিমন্তই