গুৱাহাটী , 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বুধবাৰে মহানগৰীৰ লতাশিল খেল পথাৰত সন্মিলিত হ'ল আছু আৰু শিল্পী সমাজ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গ একেলগ হৈ জনসাধাৰণক শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই নিবলৈ আহ্বান জনায় ৷ কেব বিৰোধী আন্দোলনৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিবৰলৈ 1 ঘণ্টাৰ বাবে আলোচনাত বহে আছু আৰু শিল্পী সমাজ ৷ আলোচনাৰ অন্তত বৃহস্পতিবাৰে 11 বজাৰ পৰা এক শান্তিপূৰ্ণ প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰে আছু আৰু শিল্পী সমাজে ৷
আছু আৰু শিল্পী সমাজে ঘোষণা কৰিলে সন্মিলিত প্ৰতিবাদী কাৰ্যসূচী - কেবৰ বিৰুদ্ধে আছু আৰু শিল্পী সমাজৰ প্ৰতিবাদ
বৃহস্পতিবাৰে লতাশিলত অনুষ্ঠিত হ'ব লগা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সমূহ ৰাইজক আহ্বান জনালে সমুজ্জল ভট্টাচাৰ্য আৰু জুবিন গাৰ্গে ৷ গণতান্ত্ৰিক আন্দোলনক উত্তাল কৰিব খোজা অশুভ শক্তিক পৰিহাৰৰ অনুৰোধ জনালে দুয়োজনে ৷
![আছু আৰু শিল্পী সমাজে ঘোষণা কৰিলে সন্মিলিত প্ৰতিবাদী কাৰ্যসূচী hilpi homaj and AASU together combined protest against cab in guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5343335-thumbnail-3x2-aasu.jpg)
কেবৰ বিৰুদ্ধে সন্মিলিতভাৱে প্ৰতিবাদত নামিব আছু আৰু শিল্পী সমাজ
কেবৰ বিৰুদ্ধে সন্মিলিতভাৱে প্ৰতিবাদত নামিব আছু আৰু শিল্পী সমাজ
লগতে পঢ়কঃৰাজ্যসভাত গৃহীত হ'ল CAB