অসম

assam

ETV Bharat / state

Hike in Electricity Charge : লোকচানৰ দোহাই দি এপিডিচিএলে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল - মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ৰাইজৰ মূৰত পুনৰ ৰামটোঙোন এ পি ডি চি এলৰ ৷ প্ৰতি ইউনিটত 30 পইচাৰ পৰা 1.29 টকা পৰ্যন্ত মাচুল বৃদ্ধি কৰিব । পহিলা অক্টোবৰৰ পৰা প্ৰযোজ্য হ'ব নতুন নিৰিখ ।

Hike in Electricity Charge
লোকচানৰ দোহাই দি এপিডিচিএলে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:15 PM IST

গুৱাহাটী,30 ছেপ্টেম্বৰ : পুনৰ বৃদ্ধি হ'ব বিদ্যুৎ মাচুল । উপভোক্তাক নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰিলেও কিন্তু মাচুল বৃদ্ধিত থমকি ৰোৱা নাই এ পি ডি চি এল । পুনৰ গ্ৰাহকক মাধমাৰ দিয়াৰ বাবে সাজু হৈছে এ পি ডি চি এল । লোকচানৰ দোহাই দি এইবাৰ এ পি ডি চি এলে প্ৰতি ইউনিটত 30 পইচাৰ পৰা 1.29 টকা পৰ্যন্ত মাচুল বৃদ্ধি কৰিব ।

পহিলা অক্টোবৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত লোকচানৰ বোজা মাৰিবলৈ এ পি ডি চি এলে ধন সংগ্ৰহৰ লক্ষ্য লৈছে । এক কথাত এ পি ডি চি এলৰ লোকচানৰ বোজা গ্ৰাহকৰ ওপৰত জাপি দিছে । এ পি ডি চি এলে 99 দিনৰ বাবে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব লোকচানৰ অতিৰিক্ত ধন । সেই অনুসৰি মাহে 300 ইউনিট ব্যৱহাৰ কৰিলে অতিৰিক্ত ভাৱে 90 টকা মাচুল দিব লাগিব।

একেদৰে 500 ইউনিট পৰ্যন্ত ব্যৱহাৰ কৰিলে ভৰিব লাগিব 150 টকা । 500 ইউনিটৰ অধিক ব্যৱহাৰ কৰিলে বিদ্যুৎ মাচুল বৃদ্ধি পাব 650 টকা পৰ্যন্ত । অৱশ্যে 300 ইউনিটৰ তলত বিদ্যুৎ খৰচ কৰাসকলে ভৰিব নালাগে অতিৰিক্ত মাচুল ।

আনহাতে বাণিজ্যিক, উদ্যোগিক ক্ষেত্ৰতো অতিৰিক্ত মাচুল আৰোপ কৰা হৈছে । ইন্ধন আৰু বিদ্যুৎ ক্ৰয়ৰ দাম বৃদ্ধিৰ বাবে এ পি ডি চি এলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । এ পি ডি চি এলৰ এই সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে উৎকট গৰমৰ মাজত বিদ্যুতৰ নাটনি, সঘন বিদ্যুতৰ লুকা-ভাকু, শেহতীয়াকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কিছুদিনৰ পূৰ্বে স্পষ্টিকৰণ দিছিল ৷ যদিও অৱশেষত লোকচানৰ দোহাই দি এ পি ডি চি এলে বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে ।

বৰ্তমান ৰাজ্যত গৰমৰ প্ৰকোপ আৰু লোডশ্বেডিং অব্যাহত আছে । উল্লেখ্য যে 24 ঘণ্টাই ৰাজ্যবাসীক বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰতিশ্ৰুতি ৰক্ষাৰ বিপৰীতে মাচুল বৃদ্ধি কৰি জনতাৰ ওপৰত বোজা জাপি দি আহিছে ।

বিদ্যুতৰ ক্ষেত্রত ৰাজ্যখনক সক্ষমশীল কৰি তোলাৰ ক্ষেত্রত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰখনে বিদ্যুতৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই আজিৰ এই সংকটজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । নিজাকৈ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়া চৰকাৰখনে এতিয়া মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ ফলত প্ৰয়োজন হোৱা অতিৰিক্ত ধনৰ বাবে পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰা হৈছে । যাৰ প্ৰভাৱ পৰিছে গ্ৰাহকৰ ওপৰত ।

উল্লেখ্য যে আজিৰ তাৰিখত ৰাজ্যখনক দৈনিক 2500 মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ৰাজ্যখনত নিজাকৈ উৎপাদন হয় মাত্র 250-300 মেগাৱাট বিদ্যুৎ । বাহিৰা উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ পাচতো প্ৰতিদিনে ৰাজ্যত প্রায় 700 পৰা 800 মেগাৱাট শক্তিৰ নাটনি হয় । এই নাটনি পূৰাবলৈ পাৱাৰ একচেঞ্জৰ পৰা বিদ্যুৎ অধিক মূল্যত ক্ৰয় কৰিব লগা হয় ।

প্রতিদিনে মুকলি বজাৰৰ পৰা অতিৰিক্ত বিদ্যুৎ ক্ৰয় কৰিবলৈ শক্তি বিভাগে বুজন পৰিমাণৰ পুঁজি ব্যয় কৰিবলগীয়া হয় । যাৰ বাবে এই লোকচান পূৰণৰ বাবে এ পি ডি চি এলে পুনৰ বৃদ্ধি কৰিছে বিদ্যুৎ মাচুল ।

লগতে পঢ়ক:Jakir Hussain Sikdar: ভূমি কেলেংকাৰীক লৈ পদ্ম হাজৰিকাৰ বিৰুদ্ধে সৰৱ জাকিৰ হুছেইন শিকদাৰ

ABOUT THE AUTHOR

...view details