অসম

assam

ETV Bharat / state

Education department guideline : ষষ্ঠ শ্ৰেণীতো পাঠদান কৰিব লাগিব স্নাতকোত্তৰ শিক্ষকে - HS Subject Teachers have to teach from class six

মাধ্যমিক শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা (Instructions of Secondary Education Department)। উচ্চতৰ মাধ্যমিকৰ বিষয় শিক্ষকসকলে এতিয়াৰে পৰা ষষ্ঠ শ্রেণীৰ পৰা পাঠদান কৰিব লাগিব । শৈক্ষিক পদ্ধতি সৰলীকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি স্নাতকোত্তৰ শিক্ষকসকলক ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদান কৰিবলৈ শিক্ষা বিভাগে নির্দেশ দিছে । প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক পাঠদানৰ বাবে স্নাতকোত্তৰ শিক্ষকৰ মাজত শ্ৰেণীসমূহ ভাগ কৰি দিয়াৰ নিৰ্দেশ ।

Education department guideline
ষষ্ঠ শ্ৰেণীটো পাঠদান কৰিব লাগিব স্নাতকোত্তৰ শিক্ষকে

By

Published : Dec 14, 2022, 3:39 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰ :উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষকসকলে এতিয়া ষষ্ঠ শ্রেণীৰ পৰা পাঠদান কৰিব লাগিব । ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে গুৰুত্বপূৰ্ণ নির্দেশনা । ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰীয়ে স্বাক্ষৰ কৰা নিৰ্দেশনাত কোৱা হৈছে যে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ স্নাতকোত্তৰ শিক্ষকসকলে পাঠদান কৰিব লাগিব (Instructions of Secondary Education Department)। এই সিদ্ধান্ত শীঘ্ৰে কার্যকৰীকৰণৰ নিৰ্দেশ দিয়া হৈছে ।

ষষ্ঠ শ্ৰেণীটো পাঠদান কৰিব লাগিব স্নাতকোত্তৰ শিক্ষকে

শেহতীয়াকৈ ৰাজ্যৰ নিম্ন প্রাথমিক, উচ্চ প্রাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় একত্ৰীকৰণৰ পাছত শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে । নতুন শিক্ষা নীতি আৰু শিক্ষা মিত্র গাইডলাইন অনুসৰি বিদ্যালয়সমূহ চামিলকৰণ বা একত্ৰীকৰণ কৰা হৈছে (School amalgamation in Assam)। গুণগত শিক্ষাক প্রাধান্য দি বহু নিম্ন প্রাথমিক, উচ্চ প্রাথমিক বিদ্যালয়, মাধ্যমিক কিম্বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰা হৈছে । এনে বিদ্যালয়সমূহত এতিয়া প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ একেটা চৌহদতে উপলব্ধ ।

ষষ্ঠ শ্ৰেণীটো পাঠদান কৰিব লাগিব স্নাতকোত্তৰ শিক্ষকে

উক্ত বিদ্যালয়সমূহত পর্যাপ্ত স্নাতকোত্তৰ শিক্ষক থকাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ, পৰিৱৰ্তিত পাঠ্যক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে বুলি বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে । শৈক্ষিক পদ্ধতি সৰলীকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি স্নাতকোত্তৰ শিক্ষকসকলক ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদান কৰিবলৈ শিক্ষা বিভাগে নির্দেশ দিছে (HS Subject Teachers have to teach from class six)।

ষষ্ঠ শ্ৰেণীটো পাঠদান কৰিব লাগিব স্নাতকোত্তৰ শিক্ষকে

প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক পাঠদানৰ বাবে স্নাতকোত্তৰ শিক্ষকৰ মাজত শ্ৰেণীসমূহ ভাগ কৰি দিবলৈ শিক্ষা বিভাগে নির্দেশ দিছে (Education department new guideline)। উল্লেখ্য যে নতুন শিক্ষানীতি ৰূপায়ণ কৰিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে । ইয়াৰ অংশ হিচাপে বিদ্যালয় একত্ৰীকৰণৰ দৰে সিদ্ধান্তও গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰা হৈছে ।

লগতে পঢ়ক :HSLC exam 2023: উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়সূচী ঘোষণা

ABOUT THE AUTHOR

...view details