গুৱাহাটী, ২ ডিচেম্বৰ: আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (Assam Higher Secondary Education Council)। ইতিমধ্যে শিক্ষা সংসদে পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ গঠন কৰিছে এখন উচ্চ পৰ্যায়ৰ কমিটী । এইবাৰ পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ শিক্ষা সংসদে হাতত লৈছে কেইবাটাও নতুন পদক্ষেপ । এইবাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে নিজাববীয়াকৈ নাপাব কোনোধৰণৰ পৰীক্ষা কেন্দ্ৰ ।
ইতিমধ্যে পৰীক্ষা কেন্দ্ৰ চিনাক্ত কৰিবলৈ প্ৰতিখন জিলাত শিক্ষা সংসদে আৰম্ভ কৰিছে চৰজমিন তদন্ত । এজনকৈ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ লগতে এটা পৰিদৰ্শনকাৰী দলক দায়িত্ব অর্পণ কৰিছে শিক্ষা সংসদে । অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ চৰজমিন তদন্ত আৰু পৰিদৰ্শনকাৰী দলৰ প্ৰতিবেদনৰ ভিত্তিতে শিক্ষা সংসদে গ্ৰহণ কৰিব পৰীক্ষা কেন্দ্ৰ দিয়াৰ সিদ্ধান্ত । উল্লেখ্য যে ২০১৯ চনৰ পূৰ্বে শিক্ষা সংসদৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজি কৰি একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানে নিজাববীয়াকৈ লৈছিল পৰীক্ষা কেন্দ্ৰ (HS Examination 2023)।
কিন্তু সেই সময়ৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ ভিত্তিতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা পৰীক্ষা কেন্দ্ৰ বাতিল কৰিছিল শিক্ষা সংসদে । শিক্ষা সংসদৰ চৰজমিন তদন্তত পোহৰলৈ অহা ৬৪টাকৈ পৰীক্ষা কেন্দ্ৰ বাতিল কৰিছিল পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে । পৰৱৰ্তী সময়ত পৰীক্ষা কেন্দ্ৰক লৈ গঢ়ি উঠা এখন ক’লা বজাৰ শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ নেতৃত্বত সলনি হৈছিল । বান্ধি দিয়া হৈছিল পৰীক্ষা কেন্দ্ৰ দিয়াৰ কেইবাটাও চৰ্ত । ইফালে বিগত তিনি বছৰ ধৰি বহু বিসংগতি থকা পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে চিহ্নিত কৰি বাতিল কৰিছে শিক্ষা সংসদে ।
অনুৰূপ ধৰণে এইবাৰো পৰিদৰ্শনকাৰী দলৰ প্ৰতিবেদনৰ ভিত্তিতে শিক্ষা সংসদে গ্ৰহণ কৰিব কঠোৰ সিদ্ধান্ত । শিক্ষা সংসদৰ কৰ্তৃপক্ষই জনোৱা মতে ফেব্ৰুৱাৰী মাহৰ পৰা কলা-বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা অনুষ্ঠিত হ’ব । সৰ্বভাৰতীয় স্তৰত অসমৰ মেধাৱী শিক্ষার্থীসকলে নামভৰ্তি কৰাৰ সুযোগ লাভ কৰাৰ স্বাৰ্থতে এইবাৰ কিছু আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে সেইধৰণে ফলাফলো প্ৰকাশ পাব বুলি কৰ্তৃপক্ষই জনাইছে ।