অসম

assam

ETV Bharat / state

CM on Electricity: ২৪ ঘণ্টাই বিদ্যুৎ লাভৰ বাবে ভৰিব লাগিব অধিক ধন; হিমন্ত বিশ্ব শৰ্মা - বিদ্যুতৰ মাচুল বৃদ্ধি

লোডশ্বেডিঙৰ যাতনা: এৰা-ধৰা নে অধিক মূল্য ? ৮ ছেপ্তেম্বৰত কেবিনেটত সিধান্ত ল’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ ২৪ ঘণ্টাই বিদ্যুৎ লাভৰ বাবে ভৰিব লাগিব অধিক ধন । সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ৷

CM on Electricity
CM on Electricity

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:59 PM IST

লোডশ্বেডিঙৰ যাতনা: এৰা-ধৰা নে অধিক মূল্য ?

গুৱাহাটী, ৬ ছেপ্টেম্বৰ:লোডশ্বেডিঙৰ পৰা ৰক্ষা পাবলৈ হয় ৰাইজে এৰা-ধৰা কৰিব লাগিব, নহয় বিদ্যুৎ চৰা দামত ক্ৰয় কৰিব লাগিব ৷ বুধবাৰে বিয়লি দিশপুৰত এখন সংবাদমেলত লোডশ্বেডিঙক লৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্য ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে অসমত বৰ্তমান মুঠ প্ৰায় ২৫০০ মেগাৱাট দৈনিক চাহিদা ৷

ইয়াৰে ৰাজ্যৰ বাহিৰৰ পৰা ১৬০০ মেগাৱাট ক্ৰয় কৰা হয় । অসমৰ নিজা উৎপাদন মাত্ৰ ১৬০ ৰ পৰা ২০০ মেগাৱাটহে ৷ এনে পৰিস্থিতিত ৬০০ৰ পৰা ৮০০ মেগাৱাট বিদুৎ ঘাটি ঘটে যাৰ বাবে শক্তি বিভাগে বিদ্যুৎ কৰ্তন কৰিব লগা হয় ৷

মুখ্যমন্ত্ৰীৰ মন্তব্য যে চাহিদা অনুসৰি পিক আৱাৰত (Peak Hour) বিদ্যুতৰ ঘাটি পূৰাবলৈ মুকলি বজাৰৰ পৰা ১০ টকাকৈ কিনিব লাগিব ৷ তেতিয়া ১ টকাকৈ বঢ়াব লাগিব প্ৰতি ইউনিটত ৷ এতিয়া হয় ৰাইজে ঠাণ্ডা পৰালৈ কিছুদিন এৰা-ধৰা কৰিব লাগিব, নহ’লে ৰাইজে প্ৰতি ইউনিট বিদ্যুতত ১ টকাকৈ বেছি দাম দিব লাগিব । অহা ৮ তাৰিখে হ’বলগীয়া কেবিনেটত এই প্ৰসংগত চূড়ান্ত সিধান্ত ল’ব ৰাজ্য চৰকাৰে ৷

চাহিদা অনুসৰি বিদ্যুতৰ নাটনি পূৰ কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে ভালেকেইখন চুক্তিত স্বাক্ষৰ কৰিছে ৷ ২০২৪ৰ মাৰ্চ মাহৰ পিছত এই চুক্তিসমূহ কাৰ্যকৰী হ’ব বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷ তেতিয়া এই বিদ্যুৎ নাটনিৰ সমস্যা সমাধান হ’ব বুলি আশা ড° শৰ্মাৰ। কিন্তু তেতিয়ালৈ এৰা-ধৰা কৰি চলা আৰু ঠাণ্ডা নমালৈ জনতাই অপেক্ষা কৰাৰ বাদে বেলেগ বিকল্প নাই লোডশ্বেডিঙৰ পৰা হাত সৰাৰ । অন্যথা হাতত এটাই উপায় আছে চৰা দামত বিদ্যুত ক্ৰয় কৰি বিদ্যুতৰ মাচুল বৃদ্ধি কৰা ৷

সংবাদমেলত মুখ্যমন্ত্ৰীৰ দাবী যে লোডশ্বেডিং বিষয়টো ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰিছে তেওঁ । লগতে মুখ্যমন্ত্ৰীগৰাকীৰ দাবী যে 10 ঘণ্টা 5 ঘণ্টা কাৰেণ্ট ক’তো যোৱা নাই। সত্যৰ আধাৰত প্ৰতিষ্ঠিত নহয় এই কথা । আধা ঘণ্টাতকৈ ক’তো বেছি লোড শ্বেডিং হোৱা নাই ৷ যদি হৈছে সেয়া বিদ্যুৎ বিতৰণৰহে সমস্যা ৷

লগতে পঢ়ক:Electricity Price Hike: ডিচেম্বৰ মাহলৈকে ৰাজ্যত নাটনি হ’ব বিদ্যুৎ; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details