গুৱাহাটী,২ অক্টোবৰ :শাৰদীয় দুৰ্গোৎসৱৰ আজি মহাসপ্তমী(Saptami Puja 2022)। পূজাৰ মণ্ডপে মণ্ডপে তথা শক্তিপীঠ, দেৱালয় আদিত দেৱীক আৰাধনা কৰা হৈছে । ৰাজ্যজুৰি দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ ।
ইফালে দুৰ্গোৎসৱৰ এই পাৰভঙা উচাহৰ মাজতে দেওবাৰে নিশা ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট মেচ (IND vs SA T20)। পূজাৰ মাজতে গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে হাইভল্টেজ মেচখন । প্ৰিয় খেলুৱৈক চাবলৈ সাজু হৈছে অনুৰাগীসকল ।
দুৰ্গা পূজা আৰু ক্ৰিকেট মেচৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । পূজাৰ লগতে ক্ৰিকেট মেচখনত কোনো অসুবিধা নোহোৱাকৈ ভালদৰে অনুষ্ঠিত কৰিবৰ বাবে জাৰি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা । ষ্টেডিয়ামৰ পৰা ২ কিলোমিটাৰ দূৰত্বত দৰ্শকে ৰাখিব পাৰিব নিজৰ বাহনসমূহ । আনহাতে খেলৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম (IND vs Sa match in Barsapara Stadium)।
সাজু হৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল । সন্ধিয়া খেল উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শকসকল । পূজাৰ এক অতি ব্যস্ততাপূৰ্ণ পৰিৱেশৰ মাজতে খেল অনুষ্ঠিত কৰিবৰ বাবেও সম্পূৰ্ণ সাজু অসম চৰকাৰ আৰু অসম ক্ৰিকেট সন্থা । এটা কথা ঠিক যে সন্ধিয়াৰ পৰা গুৱাহাটীৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব ।