গুৱাহাটী, ৩০ জুলাই :ৰাজ্যৰ শৈক্ষিক ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা অবিহনে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত (HSLC) আৰু হাই মাদ্ৰাছা (High Madrasa) পৰীক্ষাৰ ফলাফল । ক'ভিডকালীন পৰিস্থিতিৰ বাবে এইবাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ (Board of Secondary Education) চমুকৈ ছেবাই (SEBA) মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে । নৱম আৰু দশম শ্ৰেণীৰ পূৰ্বৰ পৰীক্ষাৰ ফলাফলকে ধৰি আন কেতবোৰ দিশত মূল্যায়ণ কৰি এইবাৰ পৰীক্ষা অবিহনে শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল ।
শুকুৰবাৰে পুৱা ১১ বজাত অনলাইনযোগে ঘোষণা কৰা হয় ফলাফল । কেইবাটাও ৱেবছাইটত (Website) উপলব্ধ কৰা হৈছে ফলাফল । ঘোষণা হোৱা ফলাফল অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হাৰ ৯৩.১০ শতাংশ । আনহাতে, হাইমাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ ।