অসম

assam

Additional Director post controversy : আঢ়ৈ বছৰৰ অন্তত ন্যায় পালে ড৹ অসমী গগৈয়ে

By

Published : Jul 15, 2022, 6:33 PM IST

অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ড৹ অসমী গগৈৰ মুখত হাঁহি বিৰিঙিছে । কাৰণ উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ নস্যাৎ কৰি চৰকাৰক তেওঁক সকলো মুনাফা আদায় দিবলৈ নিৰ্দেশ দিলে (High court verdict in favour of Dr Asomi Gogoi)। উৰ্ধতম বিষয়াক মেনেজ কৰি পদোন্নতি লোৱাৰ অভিযোগ উঠিছিল ড৹ অসমী গগৈৰ বিৰুদ্ধে ।

Additional Director post controversy
আঢ়ৈ বছৰৰ অন্তত ন্যায় পালে ডঃ অসমী গগৈয়ে

গুৱাহাটী,১৫ জুলাই :অৱশেষত ন্যায় পালেঅৱসৰপ্রাপ্ত শিক্ষা বিষয়া ড৹ অসমী গগৈয়ে । ড৹ অসমী গগৈক অতিৰিক্ত শিক্ষা সঞ্চালক হিচাপে সকলো মুনাফা আদায় দিবলৈ চৰকাৰৰ শিক্ষা বিভাগলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ (Court orders education department to pay all profits to Asomi Gogoi)। আদালতৰ নিৰ্দেশনাত আনন্দিত অৱসৰ প্রাপ্ত শিক্ষা বিষয়া ড৹ গগৈ ।

আঢ়ৈ বছৰৰ অন্তত ন্যায় পালে ডঃ অসমী গগৈয়ে

উল্লেখ্য যে ২০১৯ চনৰ ৩১ ডিচেম্বৰত ড৹ অসমী গগৈয়ে অতিৰিক্ত শিক্ষা সঞ্চালক হিচাপে কৰ্মত যোগদান কৰি একেদিনাই অৱসৰ লোৱাৰ এটা বাতৰি প্ৰচাৰ হৈছিল (Additional Director of Education department post controversy)। ২০২০ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰায়বোৰ বাতৰি কাকত আৰু টেলিভিছন চেনেলত প্ৰচাৰিত হৈছিল এই বাতৰি । তদানীন্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সেই সময়ৰ মুখ্য সচিব আলোক কুমাৰক মেনেজ কৰি পদোন্নতি লোৱাৰ অভিযোগ উঠিছিল ড৹ অসমী গগৈৰ বিৰুদ্ধে ।

আচলতে সেই অভিযোগ মিছা আছিল । উচ্চ ন্যায়ালয়ৰ এটা অন্তৱৰ্তীকালীন আদেশ মৰ্মেহে চৰকাৰে ড৹ অসমী গগৈক এদিনৰ বাবে অতিৰিক্ত সঞ্চালক হিচাপে পদোন্নতি দিছিল । সেই সময়ৰ এগৰাকী উচ্চপদস্থ শিক্ষা বিষয়াই এই পদোন্নতিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰিছিল ।

২০১৮ চনৰ ২ ফেব্ৰুৱাৰীতে কেচ নং ৪৯৩/২০১৪ যোগে ড৹ অসমী গগৈক পদোন্নতি প্ৰদান কৰাৰ বাবে চৰকাৰক অন্তৱৰ্তীকালীন পদোন্নতিৰ বাবে আদেশ প্ৰদান কৰা হৈছিল । কিন্তু এগৰাকী উচ্চপদস্থ শিক্ষা বিষয়াই এই আদেশক অমান্য কৰি পদোন্নতিৰ পৰা বঞ্চিত কৰি আহিছিল । বিগত ২১ জুনৰ দিনা ড৹ অসমী গগৈৰ সপক্ষ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ন্যায় প্ৰদান কৰে (High court verdict in favour of Dr Asomi Gogoi)। এই নিৰ্দেশত অসম চৰকাৰৰ শিক্ষা বিভাগক ২০১৬ চনৰ ১৬ জুলাইৰ পৰা অতিৰিক্ত শিক্ষা সঞ্চালক হিচাপে তেওঁক পদোন্নতি প্ৰদানৰ লগতে সকলো মুনাফা আদায় দিবলৈ আদেশ জাৰি কৰিছে ।

লগতে পঢ়ক :Diarrhoea Control Fortnight: সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাতো ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক আৰম্ভ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details