অসম

assam

ETV Bharat / state

Fake Encounter allegation: আৰক্ষী সঞ্চালক প্ৰধান, মানৱ অধিকাৰ আয়োগলৈ ন্যায়ালয়ৰ জাননী - আৰক্ষী সঞ্চালক প্ৰধানলৈ ন্যায়ালয়ৰ জাননী

ভুৱা এনকাউণ্টাৰৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী (Court issues notice to Assam police and Human rights Commission) ৷ চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ ।

Fake Encounter allegation
আৰক্ষী সঞ্চালক প্ৰধান, মানৱ অধিকাৰ আয়োগলৈ ন্যায়ালয়ৰ জাননী

By

Published : Feb 25, 2022, 9:26 PM IST

গুৱাহাটী, 25 ফেব্ৰুৱাৰী: ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে গ্ৰহণ কৰা শুনানিত ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ জাননী জাৰি কৰিছে (Court issues notice to Assam police and Human rights Commission)।

শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ দুজনীয়া বিচাৰপীঠে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে । এই সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ দিন অহা ৩০ মাৰ্চত ধাৰ্য্য কৰা হৈছে । শুনানিত চৰকাৰী পক্ষৰ পৰা মহাধিবক্তা দেৱজিৎ লন শইকীয়া উপস্থিত থাকে ।

উল্লেখ্য যে, নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই আদেশ জাৰি কৰে । অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা একাউণ্টাৰ সন্দৰ্ভত এই জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল । তেওঁৰ মতে, ২০২১ চনৰ মে’ মাহৰ পৰা ৰাজ্যত ৮০ টা এনে ভুৱা এনকাউণ্টাৰ সংঘটিত হৈছিল ৷ ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ জন লোক আহত হৈছিল । নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চিবিআই তদন্ত আৰু ন্যায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰিছিল ।

লগতে পঢ়ক:আদালতত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে গোচৰৰ বোজা

ABOUT THE AUTHOR

...view details