গুৱাহাটী, 26 আগষ্ট :ৰাজ্যৰ পৰা বিদেশী নাগৰিকক বহিস্কৃত কৰাৰ দাবীত উচ্চতম ন্য়ায়ালয়ৰ নিৰ্দেশনাত অসমত আৰম্ভ কৰা হৈছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRC উন্নীতকৰণৰ কাম ৷ যিখন নাগৰিক পঞ্জীৰ জৰিয়তে চৰকাৰে অসমৰ অবৈধ লোকক বহিস্কৃত কৰাৰ বাবে চেষ্টা কৰা হৈছিল ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC হৈছে এখন পঞ্জী য’ত দেশৰ সকলো নাগৰিকৰে সবিশেষ তথা সন্নিৱিষ্ট কৰি ৰখা হয় । 1951 চনৰ লোকপিয়লৰ কাম শেষ হোৱাৰ পিচত সেই লোকপিয়ল গণনাত অন্তৰ্ভূক্ত হোৱা সকলো নাগৰিকৰ সবিশেষ তথ্য সন্নিৱিষ্ট কৰি অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰা হৈছিল ।
NRC ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰায় 4 টা বছৰৰ পিচত 2019 চনৰ 31 আগষ্ট তাৰিখে প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা ৷ দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হোৱা NRC ত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল প্ৰায় 3 কোটি 29 লক্ষাধিক নাগৰিকে ৷ NRC ৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছিল প্ৰায় 19 লক্ষাধিক লোক ৷
পৰৱৰ্তী সময়ত পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰা নাগৰিক সকলক তেওঁলোকৰ যাৱতীয় নথিপত্ৰ সমূহ বিদেশী ন্যায়াধীকৰণৰ আদালতত জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছিল খচৰা প্ৰস্তুত হোৱাৰ পৰা 120 দিনৰ ভিতৰত ৷ যাৰবাবে ৰাজ্যত নতুনকৈ গঠন কৰা হৈছিল 200 বিদেশী ন্যায়াধীকৰণ ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাবে আজিকোপতি NRC ৰ পূৰ্ণাংগ খচৰাৰ পৰা বাদপৰা সকলৰ নথি সমূহৰ পুনৰীক্ষণৰ কাম সমাপ্ত নহ’ল ৷ যাৰবাবে এক অনিশ্চয়তাত ভুগিছে তেওঁলোক ৷ বিশেষকৈ ৰাজ্যত সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত আৰম্ভ হোৱা আন্দোলনৰ সময়ৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে NRC পুনৰীক্ষণৰ কাম ৷