অসম

assam

ETV Bharat / state

গুৱাহাটীত মুকলি হিৰোৰ নতুন শ্ব ৰুম

বড়াগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই নতুন শ্ব ৰুম মুকলি কৰে অসমীয়া চলচ্চিত্ৰৰ জগতৰ জনপ্ৰিয় অভিনেতা কপিল বৰাই ।

By

Published : Jun 16, 2019, 5:06 AM IST

গুৱাহাটীত মুকলি হিৰোৰ নতুন শ্ব ৰুম

গুৱাহাটী,16 জুন : গুৱাহাটীৰ বড়াগাঁৱত মুকলি হ'ল হিৰোৰ মটৰ চাইকেলৰ নতুন শ্ব ৰুম । গুৱাহাটীৰ হিৰোৰ এয়া প্ৰথমটো শ্ব ৰুম য'ত গ্ৰাহকৰ বাবে উপলব্ধ হব ইক' ফ্ৰেণ্ডলী স্কুটি অৰ্থাৎ বিনা পেট্ৰলৰ প্ৰদূষণ মুক্ত দুচকীয়া বাহন । বড়াগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই নতুন শ্ব ৰুম মুকলি কৰে অসমীয়া চলচ্চিত্ৰৰ জগতৰ জনপ্ৰিয় অভিনেতা কপিল বৰাই । 47000 টকাৰ পৰা উপলব্ধ হোৱা এই হিৰো স্কুটিৰ গ্ৰাহক সকলে কোনো ধৰণৰ লাইচেন্স অথবা পঞ্জীয়ন কৰিব লগা নহয় । কেৱল এয়াই নহয়, 4 ঘণ্টা সময় চার্জ কৰাৰ পিছত 70 কিলোমিটাৰ পৰ্যন্ত একেৰাহে চলিব তথা শব্দ প্ৰদূষণৰ পৰাও এই স্কুটি মুক্ত বুলি জানিবলৈ দিয়ে হিৰোৰ স্বত্বাধিকাৰীয়ে ৷

গুৱাহাটীত মুকলি হিৰোৰ নতুন শ্ব ৰুম

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বৰ্ধিত প্ৰদূষণক ৰোধ কৰাৰ বাবে হিৰোৰ এই পদক্ষেপ সুন্দৰ বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে । লগতে ৰাইজে এনে স্কুটি সমূহক আদৰি লৈ প্ৰদূষণ ৰোধত অৱদান আগবঢ়াব বুলিও আশাবাদী বুলি প্ৰকাশ কৰে কপিল বৰাই৷

ABOUT THE AUTHOR

...view details