অসম

assam

ETV Bharat / state

Hengool Theatre: এজাক নতুনক লৈ ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হেঙুল থিয়েটাৰ; মছজিদ ৰোড নামঘৰ পথত উৰিব চিলনী

ভ্ৰাম্যমাণ ক্ষেত্ৰখনত এক পৰিচিত নাম হৈছে হেঙুল থিয়েটাৰ । নৱ-প্ৰজন্মৰ একাংশ কলা-কুশলীকলৈ তিনিখন নাটকেৰে ৩৭ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুল গোষ্ঠী ।

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 12:54 PM IST

Hengool Theatre Theater ready for 2024-25 theatrical year with a young generation
হেঙুল থিয়েটাৰ নাট্যবৰ্ষ

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে ভ্ৰাম্যমাণৰ এক উল্লেখনীয় থিয়েটাৰ গোষ্ঠী হেঙুল থিয়েটাৰ । তিনিখন নাটকেৰে ৩৭ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুল গোষ্ঠী। ইতিমধ্যে সামাজিক মাধ্যম যোগে প্ৰকাশ পাইছে হেঙুল থিয়েটাৰৰ আগন্তুক নাট্যবৰ্ষৰ দুখনকৈ পোষ্টাৰ । আগন্তুক নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন আৰু হিমাংশু গগৈক ।

সামাজিক মাধ্যমযোগে হেঙুলগোষ্ঠীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘সু⁻পৰিকল্পিত চিন্তা আৰু ফলপ্ৰসু প্ৰচেষ্টাৰে নটৰাজ থিয়েটাৰৰ পথিকৃৎ আদর্শক সাৰোগত কৰি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া এক বিশাল উদ্যোগ, অনন্য অনুষ্ঠান । এই বিশালতাত সংযোজিত অজস্ৰ খ্যাত⁻অখ্যাত নাট্যগোষ্ঠী । তাৰে এটি চিনাকি নাম প্ৰয়াত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ যত্নপালিত হেঙুল থিয়েটাৰৰ যুগজয়ী যাত্ৰা অনিৰুদ্ধ । অজস্ৰ দৰ্শক⁻শ্ৰোতাৰ হৃদয়ত হায়তাল ৰঙেৰে ৰঙা হেঙুল থিয়েটাৰৰ নাট্যমঞ্চত নতুন চিন্তা, নতুন নাট্যকৰ্ম নতুন অভিনয় শিল্পী, কলা⁻কুশলীৰ নতুনৰ ষোড়শোপচাৰেৰে অব্যাহত চিৰ নতুনৰ আৰাধনা । সেই বাটেৰেই বাট বুলি অহা ২০২৪⁻২৫ নাট্যবৰ্ষৰ বাবে এদল নতুন অভিনেতা⁻অভিনেত্ৰীৰ সংযোজনেৰে আমি চলাইছোঁ নিৰন্তৰ প্ৰস্তুতি । এজাক তাৰুণ্যৰ প্ৰতিভাৰ দীপ্তিৰে উজ্জ্বল সমাৱেশেৰে অহা নাট্যবৰ্ষত হেঙুলৰ মঞ্চক ব্যতিক্ৰমীক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব ।’’

ইফালে ২০২৪-২৫ নাট্যবৰ্ষত থাকিব প্ৰণৱ ভৰালীৰ নাটক মছজিদ ৰোড নামঘৰ পথ । এই সন্দৰ্ভত হেঙুল গোষ্ঠীয়ে লগতে লিখিছে, ‘‘আৰু এজন তৰুণক লৈ আকৌ কিবা এটা কৰাৰ কথা ভাবিছোঁ । ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত নাটক আৰু নাট্যকাৰক লৈ বহু চৰ্চা চলি থকাৰ সময়তে এজন নতুন নাট্যকাৰক জন্ম দিব বিচাৰিছোঁ । কৃষ্ণচূড়া ডট কম চালেনে ? সেই কৃষ্ণচূড়া ডট কমৰ স্ৰষ্টা অত্যন্ত প্ৰতিভাধৰ প্ৰণৱ ভৰালীক অহা নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ বাবে এখন নাটক লিখাৰ দায়িত্ব দিছোঁ । আজি সেইখন নাটকৰেই প্ৰথমখন পোষ্টাৰ আপোনালোকলৈ আগবঢ়ালোঁ । ভ্ৰাম্যমাণত প্ৰণৱ ভৰালী একেবাৰে ফুলকুমলীয়া । ইতিমধ্যে কেইবাখনো ধাৰাবাহিকৰ লগতে ৰবীন্দ্ৰ ভৱনত প্ৰদৰ্শিত "বাউলী মেঘৰ সাধুৰ" পৰা ৰাষ্ট্রীয় পৰ্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা "পিম্পল"লৈকে, সকলোতে ৰাইজক নিজৰ দক্ষতাৰ উমান দিবলৈ সক্ষম হৈছে প্ৰণৱ ভৰালীয়ে । টিহুৰ মাজ ৰাস্তাত বাটৰ নাটৰ পৰা আজি হেঙুলৰ চোতাললৈ, আমি তেওঁক মাত্ৰ বাট দেখুৱাইছো, মৰম আৰু আশীৰ্বাদেৰে তেওঁৰ যাত্ৰা সোণসেৰীয়া কৰাৰ দায়িত্ব আপোনাসবৰ । সাজু হওক, ওপৰৰ সেই বাক্যকেইশাৰীৰ আঁৰৰ ৰহস্য জানিবলৈ অহা নাট্যবৰ্ষলৈ অপেক্ষা কৰক । হেঙুলৰ মঞ্চত এক অনুমেয় কাহিনীৰে আহি আছে...!’’

আনহাতে ২০২৪-২৫ বৰ্ষৰ হেঙুল থিয়েটাৰৰ আন এখন নাটক হ’ব নাট্যকাৰ প্ৰণৱ বৰুৱাৰ চিলনী । এই কথাও সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে হেঙুলগোষ্ঠীয়ে । লিখিছে, ‘‘বিগত বৰ্ষৰ হেঙুলৰ নাট্যমঞ্চত দর্শক-শ্ৰোতাৰ হৃদয়ত সাঁচ ৰাখি যোৱা 'চুম্বক', 'গোন্ধ', চলিত নাট্যবৰ্ষৰ 'আকৰি তই পগলা মই' নাটকৰ স্ৰষ্টা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ আন এক অনন্য সৃষ্টি 'চিলনী'। জনজীৱনক বিপৰ্যস্ত কৰা পাৰিপাৰ্শ্বিক প্ৰেক্ষাপটত সৃষ্ট চিলনী কি ? মানুহ জানো চিলনী হ’ব পাৰে ? আমাৰ মনত, আপোনাসবৰ মনত উদ্ৰেগ হোৱা 'চিলনী'ৰ কৌতুহল নিৰসণৰ বাবে আহিব লাগিব ৷’’

এনেদৰে সামাজিক মাধ্যমত পোষ্ট কৰি নাটকখনৰ কথা উল্লেখ কৰে । এনেদৰেই এজাক নৱ প্ৰজন্মক লৈ আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী ।

লগতে পঢ়ক:Krishnasura dot com: অসমীয়া ৱেৱ ছিৰিজ কৃষ্ণচূড়া ডট কমৰ পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ স’তে বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details