গুৱাহাটী , 30 অক্টোবৰঃ 2008 চনক ৩০ অক্টোবৰ তাৰিখৰ তিক্ত অভিজ্ঞতা সুঁৱৰি বিপথে যোৱা অসমীয়া যুৱক সকলক হাবিৰ পৰা ওলাই আহি অস্ত্ৰ এৰি হাতত কলম, নাঙল, কাঁচি তুলি লোৱাৰ আহ্বান জনালে বাঁওপন্থী নেতা তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসে ৷ গুৱাহাটীত অনুষ্ঠিত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নেতা গৰাকীয়ে ব্যক্ত কৰে যে , নিহত ৮১ গৰাকী ব্যক্তিৰ পৰিয়ালক চৰকাৰে ইমানদিনে ক্ষতিপূৰণ প্ৰদান কৰিব নোৱাৰাটো অত্যন্ত পৰিতাপৰ বিষয় ৷
বিপথে যোৱা অসমীয়া যুৱকে অস্ত্ৰ এৰি হাতত কলম, নাঙল লওক - সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসে
30 অক্টোবৰৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিল বিশিষ্ট বাঁওপন্থী নেতা হেমেন দাস ৷ বিপথে যোৱা অসমীয়া যুৱকক মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান নেতাজনৰ ৷
বোমা বিষ্ফোৰণত নিহত সকলক ক্ষতিপূৰণ নিদিয়াটো পৰিতাপৰ বিষয়-হেমেন দাস