অসম

assam

ETV Bharat / state

আৰক্ষীৰ বাবে দিনত দুবাৰকৈ ঘৰৰ পৰা ওলাই আহে এগৰাকী মহিলা - গুৱাহাটী মহানগৰী

যি সময়ত আৰক্ষীয়ে সুৰক্ষাৰ স্বাৰ্থত জনতাক ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাই আহিছে সেই সময়ত দুবাৰকৈ ঘৰৰ পৰা ওলাই আহে এগৰাকী মহিলা । গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ গোলাপ দুগড় নামৰ এগৰাকী মহিলাই কিয় তলা বন্ধৰ সময়তো ঘৰৰ পৰা ওলাই আহে সেই সন্দৰ্ভত এক প্ৰতিবেদন ৷

Helping police by a women in guwahati
তলা বন্ধ নেওচি ঘৰৰ পৰা ওলাই অহা এগৰাকী মহিলা...

By

Published : Apr 8, 2020, 1:12 PM IST

গুৱাহাটী,8 এপ্ৰিলঃতলা বন্ধৰ সময়ছোৱাত জনশূন্য ৰাজপথ ৷ বন্ধ দোকান-বজাৰ, চলা নাই কোনো গাড়ী-মটৰ ৷ ৰাজপথত মাত্ৰ আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীসকল ৷ জন সাধাৰণক ঘৰৰ বাহিৰলৈ অহাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা আৰক্ষীৰ বাবে কিন্তু এগৰাকী মহিলা দৈনিক ঘৰৰ বাহিৰলৈ আহে ৷ মহানগৰীৰ ফাঁচী বজাৰৰ গোলাপ দুগড় নামৰ মহিলা গৰাকীয়ে প্ৰতিদিনে পুৱা আৰু আবেলিৰ ভাগত ৰাজপথত কৰ্মৰত আৰক্ষী আৰু সুৰক্ষা কর্মী সকলৰ বাবে চাহ লৈ ঘৰৰ পৰা ওলাই আহে ৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দিনে-নিশা ৰাজপথত সকলোৰে সুৰক্ষাৰ বাবে দায়িত্ব পালন কৰি ভাগৰি পৰা আৰক্ষীসকলক সতেজ কৰি ৰাখিবলৈকে চাহ যোগান ধৰে মহিলাগৰাকীয়ে ।

তলা বন্ধ নেওচি ঘৰৰ পৰা ওলাই অহা এগৰাকী মহিলা...

সংকটৰ এই সময়ছোৱাত কৰ্মৰত আৰক্ষী আৰু সুৰক্ষা কর্মীসকলক বিগত 11 দিনে চাহ যোগান ধৰি অহা এই মহিলাগৰাকীয়ে সামৰ্থ অনুযায়ী কৰা সহায় শলাগ ল’বলগীয়া ৷

লগতে চাওকঃকামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিলে শাক-পাচলিৰ মূল্য

ABOUT THE AUTHOR

...view details