গুৱাহাটী,30 মাৰ্চঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত ৷ কোভিড-19 হাস্পতাল নিৰ্মাণত সহায়ক হ'বৰ বাবে আগবাঢ়ি আহিছে গুৱাহাটী বিশ্ববিদ্যালয় ৷বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আদি সকলোৰে এদিনৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই। এই কথা ই টি ভি ভাৰতৰ আগত সদৰী কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে । লগতে লক ডাউনৰ সময়চোৱাত বিশ্ববিদ্যালয়ৰ অধ্যাপকে শিক্ষাৰ্থীসকলক অনলাইন শিক্ষাদানৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে । তাৰোপৰি স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বিশ্ববিদ্যালয়ত সকলো সতৰ্কতামূলক ব্যৱস্থা লোৱা হৈছে বুলিও কয় উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ।
যোৰহাট,30 মাৰ্চঃসমগ্ৰ দেশত কৰ'ণাৰ বিৰুদ্ধে চলি থকা যুজঁখনত অৱদান আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই । কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা এই যুদ্ধখনৰ বাবে সাংসদ গৰাকীয়ে আগবঢ়ালে ১ কোটি ৫০ লাখ টকাৰ অৱদান ৷ তেঁওৰ নিজৰ MPLAD পুঁজিৰ পৰা ১ কোটি প্ৰদান কৰিলে কৰ'ণাৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ ৷ লগতে MPLAD পুঁজিৰ ৫০ লাখ টকা প্ৰদান কৰিলে অসম আৰোগ্য নিধিত ।আনহাতে বিজেপি সাংসদ জনে ১ লাখ টকা প্ৰদান কৰিলে ' PM Relief Fund Assam' ত ।
বৰপেটা,30 মাৰ্চঃসুন্দৰীদিয়া সত্ৰৰ পৰা মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ ৫১ হাজাৰ টকা আগবঢ়ালে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত জগন্নাথ দেৱ অধিকাৰীয়ে ৷ এই টকাৰ চেক মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে সত্ৰাধিকাৰগৰাকীয়ে ৷ কৰ'ণা ভাইৰাছক লৈ বিশ্বজুৰি সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ পৰা ৰাজ্যখনৰ জনসাধাৰণক ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ ৫ লাখ টকাৰ অৰ্থ সাহাৰ্য আগবঢ়াইছে বৰপেটাৰ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ৷
কামৰূপ,30 মাৰ্চঃঅসমত কৰ'ণাৰ সৈতে মোকবিলা কৰিবলৈ যিয়ে যেনেকৈ পাৰে অনুদান দিয়াৰ যি আহ্বান জনাইছিল মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে ।মন্ত্ৰী দুয়োগৰকী এনে আহ্বান প্ৰতি সঁহাৰি জনায় ওলাই আহিছে বিভিন্ন দল সংগঠনৰ লগতে বহু শুভাকাংক্ষী ৷ উত্তৰ গুৱাহাটী অন্যতম শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিয়ে দেশৰ এই সংকটৰ সময়ত মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছে ৷ সোমবাৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জৰিয়তে মুখ্যমন্ত্ৰী অসম আৰোগ্য নিধিলৈ এক লাখ টকাৰ অনুদান আগবঢ়াইছে শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিয়ে ।
খুমটাই,30 মাৰ্চঃ খুমটাইৰ ঐতিহাসিক চিনাতলী বৰ নামঘৰৰ সমাজ পৰিষদৰ তৰফৰ পৰা মূখ্যমন্ত্ৰী কৰ'ণা বিশেষ সাহাৰ্য পুঁজিলৈ ৩০ হাজাৰ টকা আৰ্থিক অনুদান ৷ গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ জৰিয়তে এই অনুদান আগবঢ়ায় নামঘৰ সমাজ পৰিষদৰ বিষয় ববীয়াই ৷