অসম

assam

ETV Bharat / state

Weather Warning in Assam : ৰাজ্যত সৰ্তকতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই - গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান বিভাগ

গুৱাহাটীৰ বৰঝাৰত থকা বতৰ বিজ্ঞান বিভাগৰ পৰা আহিছে এক বিশেষ খবৰ (Weather Warning in Assam) । সোমবাৰে পুৱা আগতীয়াকৈ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ সৰ্তকতা জাৰি কৰিছে । আগন্তুক ২৪ ঘন্টাৰ ভিতৰত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Heavy rains likely in several Assam districts) ৷

Weather Warning in Assam
২৪ ঘন্টাৰ ভিতৰত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা

By

Published : Mar 20, 2023, 5:34 PM IST

Updated : Mar 20, 2023, 7:13 PM IST

গুৱাহাটী, ২০ মাৰ্চ :গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আহিছে এক বিশেষ সতৰ্কতা বাণী (Weather Warning in Assam) ৷ সোমবাৰে পুৱাৰে পৰা আগন্তুক ২৪ ঘন্টাৰ সময়খিনি হাই এলাৰ্ট জাৰি কৰা হৈছে ৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, জিলাখনৰ বিভিন্ন ঠাইত অহা ২৪ ঘন্টাৰ ভিতৰত প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠাই বিশেষে মজলীয়া বৰষুণৰ লগতে বিজুলী ঢেৰেকণি অহাৰ সম্ভৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে (Heavy rains likely in several Assam districts) ।

অহা ২৩ মাৰ্চলৈ অসমত বতৰ ডাৱৰীয়া তথা ঠাই বিশেষে মজলীয়া বৰষুণৰ লগতে বিজুলী ঢেৰেকণি অহাৰ সম্ভাৱনা আছে (Heavy rainfall expected at various places of Assam) । গুৱাহাটীতো মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । অহা ২৫ আৰু ২৬ মাৰ্চত গুৱাহাটীত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :storm in Dima Hasao:ডিমা হাছাওত প্ৰচণ্ড ধুমুহাত ব্য়াপক ক্ষতিসাধন

‌উল্লেখ্য যে, যোৱা কেইদিন ৰাজ্যত ঠাই বিশেষে ধাৰাসাৰ বৰষুণ হৈ আছে । ৰাজ্যৰ বিভিন্ন ঠাইত যোৱা দুদিনত ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাত, শিল-বৰষুণ আহিছে । যোৱা ১৫ মাৰ্চতো হাই এলাৰ্ট জাৰি কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই ৷ মন কৰিবলগীয়া যে ১৪ মাৰ্চতো ৰাজ্যৰ বিভিন্ন স্থানত শিলাবৃষ্টি হৈছিল ।

কেইদিনমান পূৰ্বে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি, পূৰ্বতকৈ অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস পাইছে । জানুৱাৰী-ফেব্ৰুৱাৰী মাহত সাধাৰণতে যিমান বৃষ্টিপাত হ’ব লাগে, তাতকৈ প্ৰায় ৭৬ শতাংশ কম বৰষুণ হৈছে । অসমৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ ১০০ শতাংশ হ্ৰাস পাইছে ।

কেৱল অসম বুলিয়েই নহয়, অৰুণাচল প্ৰদেশত ৫৩ শতাংশ, মণিপুৰত ৯৯ শতাংশ, মেঘালয়ত ৯৯ শতাংশ, মিজোৰামত ১০০ শতাংশ, নাগালেণ্ডত ৯৯ শতাংশ আৰু ত্ৰিপুৰাত ১০০ শতাংশ বৃষ্টিপাত হৈছে ।

লগতে পঢ়ক :Hailstorm in Dima Hasao : ধুমুহা আৰু শিলবৃষ্টিৰ ফলত উমৰাংচ’ত 35 খন গাঁও ক্ষতিগ্ৰস্ত

Last Updated : Mar 20, 2023, 7:13 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details