গুৱাহাটী, 22 ছেপ্টেম্বৰ: গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সদৰী কৰা তথ্য মতে ৰাজ্যত অহা ২৬ ছেপ্টেম্বৰলৈ বৰষুণ অব্যাহত থাকিব ।
অহা কেইদিনমানত অসমৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত প্রৱল বৰষুণ আৰু প্ৰৱলৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
ইফালে, গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনত অসমৰ কেবাখনো ঠাইত সৰ্তক জাৰি কৰিছে । সৰ্তকতা জাৰি কৰা জিলাকেইখন হ’ল কোকৰাঝাৰ, বাক্সা, চিৰাং, বৰপেটা আৰু বঙাইগাঁও জিলা ।
ৰাজ্যৰ কেইবাখনো জিলাত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা অহা ২৩ ছেপ্টেম্বৰত কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু বৰপেটা জিলাত ২৪ ঘন্টাত ১২ ৰ পৰা ২০ চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । আকৌ বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৪ ছেপ্টেম্বৰত কোকৰাঝাৰ, বাক্সা জিলাত ২৪ ঘন্টাত ১২ ৰ পৰা ২০ চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।
কেইবাখনো জিলাত সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে যোৱা ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো বোৰ ঠাইত এঠাইত বিজুলী ঢেৰেকণিসহ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে দুই এঠাইত প্রবল হোৱা পৰিলক্ষিত হৈছিল ।
ৰাজ্যখনৰ আজিৰ ন্যূনতম সর্বনিম্ন তাপমাত্রা ডিব্ৰুগড়ত ২২.৪ ডিগ্রী চেলছিয়াছ আৰু বৃহস্পতিবাৰে সর্বাধিক সর্বোচ্চ তাপমাত্রা শিলচৰত ৩৩.৪ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড হৈছিল । যোৱা ২৪ ঘণ্টাত অসমত প্ৰৱল বৰষুণ হোৱা ঠাই হ’ল মানাহ, গোৱালপাৰা কোকৰাঝাৰ আৰু হাজো ।
ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে অহা ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলোবোৰ ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ঠায়ে বজ্ৰপাতৰ সৈতে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
আনহাতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে শুকুৰবাৰে সদৰী কৰা মতে অসমৰ ডিব্ৰুগড়, বৰপেটা, দৰং, শোণিতপুৰ আৰু তামুলপুৰত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক:GMC Project: আজিও সম্পূৰ্ণ কাৰ্যক্ষম নহ’ল মহানগৰীৰ বিদ্যুৎ শক্তি উৎপাদনৰ কোটি টকীয়া প্ৰকল্প