গুৱাহাটী, 22 নৱেম্বৰ : এডোখৰ ভূমিক কেন্দ্ৰ কৰি শনিবাৰে মহানগৰীৰ পাণ্ডুত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পাণ্ডু বিবিচি কলনীত থকা ৰে'লৱেৰ ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ । অভিযোগ অনুসৰি, উক্ত অঞ্চলত পৰিত্যক্ত ভূমি এডোখৰ নিজৰ বুলি দাবী কৰি ৰিজু শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে ভূমিৰ সীমাত বেৰ দিবলৈ আহিছিল । তেতিয়াই স্থানীয় একাংশ লোকে বেৰ দিয়াত বাধা প্ৰদান কৰি উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ।
পৰিত্যক্ত ভূমিক কেন্দ্ৰ কৰি মহানগৰীত উত্তপ্ত পৰিস্থিতি - অবৈধভাৱে দখল
মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতি ৷ ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ৰে'লৱে আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ ৷

পৰিত্যক্ত ভূমিক কেন্দ্ৰ কৰি মহানগৰীত উত্তপ্ত পৰিস্থিতি
স্থানীয় ৰাইজৰ মন্তব্য
ইফালে, স্থানীয় লোকৰ অভিযোগ অনুসৰি, ৰিজু শৰ্মাই অবৈধভাৱে দখল কৰিব আহিছে মাটি ডোখৰ । দুই পক্ষৰ বাক বিতণ্ডাত কেইবা ঘন্টা ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাণ্ডু বিবিচি কলনীত ৷ পৰৱৰ্তী সময়ত ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
লগতে পঢ়ক :তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে এ আই ইউ ডি এফৰ সামূহিক দোৱা