গুৱাহাটী, 5 ডিচেম্বৰ: মঙলবাৰে বহু প্ৰত্যাশিত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা সম্পৰ্কীয় অসম সন্মিলিত মহাসংঘৰ গোচৰৰ শুনানি উচ্চতম ন্য়ায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত আৰম্ভ হয় । ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশোৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ এম এম সুন্দৰেছ, ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ আছিল ।
ভাৰতৰ প্ৰখ্যাত জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱানে বিচাৰপীঠত মহাসংঘ-আহোম সভা আদিৰ হৈ অতি বিস্তাৰিতভাৱে বৃটিছৰ উপনিৱেশিক চৰকাৰৰ পৰা বৰ্তমানৰ চৰকাৰলৈকে বিদেশীৰ আগ্ৰাসনৰ ফলত হোৱা অসমৰ ক্ষতিৰ কথা ব্যাখ্যা কৰে ।
ইয়াণ্ডাবু সন্ধি, বৃটিছৰ শাসন, খিলঞ্জীয়াৰ মাটি-সম্পত্তি দখল, ঘৰদুৱাৰ ভস্মীভূত, হত্যাকাণ্ড, ৰাজনৈতিক দলবোৰে ভোটবেংকৰ বাবে বিদেশীক ৰক্ষণাবেক্ষণ দিয়া, বিদেশীক ভোটাধিকাৰ দি খিলঞ্জীয়াক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা, অসমত ক্ৰমান্বয়ে অসমীয়াভাষী তথা খিলঞ্জীয়া জনগোষ্ঠীয়ভাষী লোক সংখ্যালঘু হোৱা, বাঙালী ভাষী লোকৰ সংখ্যা বৃদ্ধি হোৱা, নেলী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, ধুবুৰী আদি বিভিন্ন ঠাইত হোৱা সংঘৰ্ষ, হত্যাকাণ্ড আদি সন্দৰ্ভত অকাট্য যুক্তি আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা দিৱানে ৷