অসম

assam

ETV Bharat / state

কৃষক নেতা অখিল গগৈৰ শুনানি আৰম্ভ...

আজিৰে পৰা আৰম্ভ হৈছে কৃষক নেতা অখিল গগৈৰ শুনানি ৷ কৃষক নেতাগৰাকীৰ হৈ শান্তনু বৰঠাকুৰে যুক্তি দৰ্শাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ বিগত সাত আগষ্টত নিয়াৰ আদালতে প্ৰত্যাখ্যান কৰিছিল কৃষক নেতাগৰাকীৰ জামিন আবেদন ৷

Hearing of Akhil gogoi start in guwahati assam etv bharat news
কৃষক নেতা অখিল গগৈ

By

Published : Sep 28, 2020, 2:41 PM IST

গুৱাহাটী,28 ছেপ্তেম্বৰ: সোমবাৰৰ পৰা আৰম্ভ হৈছে কৃষক নেতা অখিল গগৈৰ গোচৰৰ শুনানি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৃষক নেতাগৰাকীৰ হৈ যুক্তি দৰ্শাই শান্তনু বৰঠাকুৰে ৷ আদালতে পৰৱৰ্তী শুনানিৰ দিন 13 অক্টোবৰত ধাৰ্য কৰিছে ৷

বিগত সাত আগষ্টত নিয়াৰ আদালতে খাৰিজ কৰিছিল কৃষক নেতাগৰাকীৰ জামিন আবেদন ৷ এই সিদ্ধান্তৰ বিপৰীতে অখিল গগৈৰ অধিবক্তাই পুনৰ এক আবেদন দাখিল কৰে আদালতত ৷ এই পুনৰ আবেদনৰ ভিত্তিতে দুজনীয়া ন্যায়াধীশৰ আদালতে শুনানি গ্ৰহণ কৰে অখিল গগৈৰ ৷ সোমবাৰে আদালতত নিয়াই কৃষক নেতাগৰাকীৰ ক্ষেত্ৰত চাৰি সপ্তাহৰ সময় বিচাৰিছিল যদিও সেয়া নাকচ কৰে আদালতে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা কাৰাবন্দী হৈ আছে কৃষক নেতাগৰাকী ৷

অখিল গগৈৰ শুনানি আৰম্ভ...

লগতে চাওকঃঐতিহাসিক শিৱ দ’লত সৌৰ চাকি সংস্থাপনক লৈ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details