আজিকালি অডিঅ’লজী বিভাগত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। শ্ৰৱণ আৰু কথোপকথনৰ সমস্যা আদিৰ সমাধানৰ বাবে এটা বিভাগত চিকিৎসা কৰা হয় । শ্ৰৱণ সমস্যা পৰীক্ষাৰ বাবে সাধাৰণতে BERA, OAE আদি পৰীক্ষা কৰা হয় । লগতেই PTA আদিও পৰীক্ষা কৰে । PTA হৈছে Pure Tone Average আৰু ইয়াৰ দ্বাৰা কাণৰ শ্ৰৱণ শক্তিৰ বিশেষ ধৰণে প্ৰৱল্য নিৰ্ণয় কৰা হয়। এনে পৰীক্ষাৰ দ্বাৰা কাণ দুখনৰ গড় শ্ৰৱণ শক্তি নিৰ্ণয় কৰিব পাৰি ।
ইফালে BERA পৰীক্ষা হৈছে Brain Evoked Response Auditory পৰীক্ষা ব্যৱস্থা । সাধাৰণতে শিশুৰ ক্ষেত্ৰত বিশেষকৈ ১-৩ বছৰৰ ভিতৰত শিশুৰ শ্ৰৱণ শক্তি সঠিক আছে নে নাই সেই বিষয়ে নিৰূপণ কৰা হয় । আঠ নম্বৰ কাৰ্নিয়েল স্নায়ুৰ পৰা বৈদ্যুতিক প্ৰৱাহ মস্তিষ্কলৈ প্ৰেৰণ কৰাৰ পিচত দুয়োটাৰ মাজত কেনেধৰণৰ সংকট স্থাপন হয় সেয়া এনে পৰীক্ষাৰ জৰিয়তে জানিব পাৰি । আনহাতে OAE হৈছে Otoacoustic emissions আৰু এনে পৰীক্ষাৰ জৰিয়তে অন্তঃকৰ্ণ আৰু ককলিয়াই কেনেদৰে কাৰ্য সম্পাদন কৰি আছে সেয়া নিৰ্ণয় কৰিব পাৰি ।
এই বিভাগটোত কোনো ৰোগীক যদি ‘হিয়াৰিং এইড’ৰ প্ৰয়োজন হয় তেতিয়াহ’লে সেয়াও কৰা হয় । শিশুৰ ক্ষেত্ৰত 'স্পীচ থেৰাপি' আদিও কৰিলে সুফল পোৱা যায় । কোনো শিশুৰ যদি জন্মৰ পৰা তিনিবছৰ বয়সলৈ ভাষা বা কথোপকথনৰ বিকাশ নহয় তেতিয়া ‘স্পীচ থেৰাপি’ কৰা হয় । যদি তিনি বছৰৰ শিশু এটিৰ কথা বয়স অনুপাতে নহয় তেতিয়া এনে চিকিৎসা কৰিবই লাগে ।