অসম

assam

By

Published : Jan 4, 2023, 9:32 PM IST

ETV Bharat / state

Medical College in Assam: পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়

দিছপুৰত কোকৰাঝাৰ, নলবাৰী আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অন্তিম পৰ্যায়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Minister Keshab Mahanta)। তাৎক্ষণিকভাৱে প্ৰাৰম্ভিক প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰাৰ বাবে শীঘ্ৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰী সংস্থা আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ ৷ নৱনিযুক্ত অধ্যক্ষ আৰু বিভাগীয় মূৰব্বীৰ লগতে অধ্যাপকসকলক নিজ নিজ স্থানত বাহৰ পাতি কাম-কাজ আগবঢ়াবলৈ দায়িত্ব প্ৰদান ।

Medical College in Assam
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

গুৱাহাটী, ৪ জানুৱাৰী : কোকৰাঝাৰ, নগাঁও আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰাই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি কৰিবলৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ বাবে ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগ (এনএমচি)ৰ প্ৰয়োজনীয় অনুমতি লাভ কৰিব পৰাকৈ তিনিওখন নতুন চিকিৎসা মহাবিদ্যালয়ক শীঘ্ৰে সাজু কৰি তোলাৰ বাবে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তৎপৰ হৈ পৰিছে (Assam new medical college session)।

নতুন চিকিৎসা মহাবিদ্যালয়কেইখনত এন এম চিৰ দ্বাৰা নিৰ্ধাৰিত আন্তঃগাঁথনি বিষয়ক বাধ্যতামূলক চৰ্তাৱলী পূৰণৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ সন্দৰ্ভত বুধবাৰে পৰ্যালোচনা কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই । দিছপুৰত বুধবাৰে সন্ধিয়া অনুষ্ঠিত পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে আন কেইবাগৰাকীও বিষয়া (Keshab Mahanta review meeting over medical college)৷

নতুন মেডিকেল কলেজৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত পৰ্যালোচনা

লগতে পঢ়ক:Separate State of Kamtapur : ২৬ জানুৱাৰীৰ পূৰ্বেই অস্ত্ৰসম্বৰণ কে এল অ’ৰ; ঘোষিত হ’বনে পৃথক কামতাপুৰ ৰাজ্য ?

চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, অতিৰিক্ত সচিব মানস নাথ, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, অতিৰিক্ত সঞ্চালকদ্বয় ডাঃ মনোজ চৌধুৰী আৰু ৰণবীৰ বৰা, লোক নিৰ্মাণ (গৃহ) বিভাগৰ মুখ্য অভিযন্তা ভূপেন শৰ্মা, নতুন চিকিৎসা মহাবিদ্যালয় তিনিখনৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ অতুল চন্দ্ৰ বড়ো (কোকৰাঝাৰ), ডাঃ জয়চন্দ্ৰ শৰ্মা (নলবাৰী) আৰু ডাঃ শিল্পীৰাণী বৰ্মনৰ লগতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে পৰ্যালোচনা বৈঠকখনত মিলিত হৈ এন এম চিৰ চৰ্তাৱলী পূৰণ বিষয়ক সকলো দিশ পৰ্যালোচনা কৰে ।

লগতে পঢ়ক:Infra push in Indo China Border: ভাৰত-চীন সীমান্তত ব্যাপক হাৰত আন্তঃগাঁথনি নিৰ্মাণ কেন্দ্ৰৰ

চিকিৎসা মহাবিদ্যালয়কেইখনত মৌলিক চিকিৎসা বিজ্ঞানৰ অন্তৰ্গত বিভাগসমূহ আৰু চিকিৎসালয়ৰ উপৰি গ্ৰন্থাগাৰ, অত্যাধুনিক পাঠদানগৃহ, অধ্যক্ষ-উপাধ্যক্ষ-বিভাগীয় মূৰব্বীৰ কক্ষ আদি সাজু কৰি তাৎক্ষণিকভাৱে প্ৰাৰম্ভিক প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰাৰ বাবে শীঘ্ৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ বৈঠকত মন্ত্ৰী মহন্তই নিৰ্মাণকাৰী সংস্থা আৰু বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে ।

নতুন মেডিকেল কলেজৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত পৰ্যালোচনা

তদুপৰি নৱনিযুক্ত অধ্যক্ষ আৰু বিভাগীয় মূৰব্বীৰ লগতে অধ্যাপকসকলক শীঘ্ৰে নিজ নিজ স্থানত বাহৰ পাতি কাম-কাজ আগবঢ়াবলৈও বৈঠকত মন্ত্ৰীগৰাকীয়ে দায়িত্ব দিয়ে । চিকিৎসা মহাবিদ্যালয়ৰ বিভাগসমূহৰ আন্তঃগাঁথনি শীঘ্ৰে পৰিদৰ্শন কৰি ব্যৱহাৰ উপযোগী কৰি তোলাৰ বাবে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ শীঘ্ৰে বিভাগীয় মূৰব্বী আৰু অধ্যাপকৰ একোটাকৈ দলক দায়িত্ব দিবলৈ অধ্যক্ষকেইগৰাকীক দিহা দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক:New anti cancer agent: ভাৰতীয় বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে কৰ্কট ৰোগৰ বৈকল্পিক ঔষধৰ অণু

ABOUT THE AUTHOR

...view details