গুৱাহাটী,8 জুলাই: বুধবাৰে মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰীগৰাকীয়ে সম্প্ৰতি চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি থকা কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ পৰিস্থিতিৰ বুজ লয় ৷ আয়ুৰ্বেদিক চিকিৎসালয়ত প্ৰায় 120গৰাকী কোভিড 19 ত আক্ৰান্ত ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে ৷
লাহে লাহে কৰ'ণাৰ সংক্ৰমণ কমিছেঃ হিমন্ত বিশ্ব শৰ্মা - স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । আয়ুৰ্বেদিক চিকিৎসালয়ত প্ৰায় 120গৰাকী কোভিড 19 ত আক্ৰান্ত ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে ৷ মহানগৰীত জাৰি কৰা চৈধ্যদিনীয়া লক ডাউনৰ ফলত হোৱা সুফল সম্পৰ্কে ১০ জুলাইত ৰাইজে জানিব পাৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী শৰ্মাই লাহে লাহে ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ ৰোধ হোৱা বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য় প্ৰকাশ কৰে ৷ বৰ্তমান গুৱাহাটীত প্ৰায় 16 শতাংশলৈ হ্ৰাস হৈছে কৰ’ণা ৰোগীৰ সংখ্যা । কিন্তু ইয়াৰ মাজতে মন্ত্ৰীগৰাকীয়ে অন্য় এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে,বৃহস্পতিবাৰৰ পৰা অধিক হ্ৰাস হ’ব কৰ’ণা ভাইৰাছৰ সংক্ৰমণ । তদুপৰি গুৱাহাটীত সম্পন্ন কৰা হ’ব বুধবাৰে ৮ গৰাকীকৈ কৰ’ণাত মৃত্যু হোৱা ৰোগীৰ সৎকাৰ ৷ মহানগৰীত জাৰি কৰা চৈধ্যদিনীয়া লক ডাউনৰ ফলত হোৱা সুফল সম্পৰ্কে ১০ জুলাইত ৰাইজে জানিব পাৰিব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে,বুধবাৰৰ দিনটোত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ লগতে পাৰ্শ্বৱৰ্তী আটাইকেইখন কোভিড চিকিৎসালয় পৰিদৰ্শন কৰে ৷