গুৱাহাটী, ২১ জুলাই :জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ মইনা নায়কৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । বৃহস্পতিবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ আয়ুৰচুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতাললৈ গৈ চিকিৎসাধীন জুবিন গাৰ্গৰ খবৰ লয় (Health minister visit in Ayursundra hospital) ।
জুবিন গাৰ্গৰ চিকিৎসাৰ তদাৰক কৰি থকা চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা প্ৰথমে তেওঁৰ শেহতীয়া শাৰীৰিক অৱস্থাৰ সবিশেষ বুজ লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসাধীন শিল্পীগৰাকীকো দেখা কৰে । স্বাস্থ্যমন্ত্ৰী মহন্তই জুবিন গাৰ্গৰ লগত কথা পতাৰ লগতে তেওঁৰ পত্নী গৰিমা গাৰ্গৰ সৈতেও মত বিনিময় কৰি শিল্পীগৰাকীৰ স্বাস্থ্যৰ উন্নতিক লৈ আশ্বস্ত হয় ।
সাংবাদিকৰ আগত স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসকৰ উদ্ধৃতি দি জনপ্ৰিয় শিল্পীগৰাকীৰ স্বাস্থ্যক লৈ বৰ্তমান কোনো শংকাৰ কাৰণ নাই বুলি সদৰি কৰে । ডিব্ৰুগড়ত হঠাৎ অসুস্থ হৈ পৰাৰ পাছত জুবিন গাৰ্গক ৰাজ্য চৰকাৰে বুধবাৰে জৰুৰী ভাৱে এয়াৰ এম্বুলেন্সৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰে । জুবিন গাৰ্গক অসমৰ সম্পদ বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ চিকিৎসাৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু তেওঁ নিৰন্তৰ খবৰ ৰাখিছে ।
স্বাস্থ্যমন্ত্ৰী মহন্তই লগতে কয় যে, ক্ৰমাৎ সুস্থ হৈ উঠা শিল্পীগৰাকীক আৰু দুই-তিনিদিন পাছতহে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিব পাৰিব বুলি চিকিৎসালয়ৰ ফালৰ পৰা জনাইছে । আনহাতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আয়ুৰচুন্দ্ৰা হাস্পতালৰ পৰা পোনে পোনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাওনা হয় ।
লগতে পঢ়ক :Rangia child kidnaping: অপহৃত কন্যাক কাষত পাই আৱেগিক পিতৃ