গুৱাহাটী, ১১ নৱেম্বৰঃনেমকেয়াৰ হাস্পতালত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয় । বিগত কেইবাদিনো ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ । কণ্ঠশিল্পীগৰাকীক সাক্ষাৎ কৰি মন্ত্ৰী কেশৱ মহন্তই কয়,"জুবিনৰ কিছু জিৰণিৰ প্ৰয়োজন আছে । হয়তো কাইলৈ ঘৰলৈ যাবলৈ দিব জুবিন গাৰ্গক । বৰ্তমান আইচিইউৰ পৰা উলিয়াই দিয়া হৈছে জুবিন গাৰ্গক ।" কামৰ বোজা বেছি হোৱা বাবে দুৰ্বল হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো পৰীক্ষা-নিৰীক্ষা কৰা ৰিপ'ৰ্টবোৰ ঠিকেই আছে ।
কেইবাটাও বিভাগৰ অভিজ্ঞ চিকিৎসকে চোৱা চিতা কৰিছে বুলি মন্তব্য় কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়,"আজিৰ দিনটোত জুবিন গাৰ্গ সকলো ফালৰ পৰা মুক্ত । তেওঁক যিখিনি পৰামৰ্শ দিব লাগে ডাক্তৰে সকলোখিনি পৰামৰ্শ দিছে ।" স্বাস্থ্য মন্ত্ৰীৰ লগত আজি কথাও পাতিলে জুবিন গাৰ্গে । উন্নত চিকিৎসাৰ বাবে জুবিন বৰ্তমান বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য় কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । প্ৰয়োজনত জুবিন গাৰ্গক গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ অভিজ্ঞ চিকিৎসকে নেমকেয়াৰ হাস্পাতালত চিকিৎসা কৰিব বুলিও মন্তব্য কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।