গুৱাহাটী, ৮ জুলাই: কামৰূপ(ম) জিলাৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা মন্ত্ৰী কেশৱ মহন্ত । ৰাজধানী চহৰখনৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হৈছিল যদিও শেহতীয়াকৈ অৱনতি ঘটিছে । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে নিশা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই বিভগীয় শীৰ্ষ বিষয়াবৰ্গ আৰু মহানগৰ জিলা প্ৰশাসনৰ সৈতে এক জৰুৰী পৰ্যালোচনা বৈঠকত মিলিত হয় । কামৰূপ মহানগৰ জিলাত পুনৰ দৈনিক ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ আশংকা পৰিলক্ষিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হয় ।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত কামৰূপ মহানগৰ জিলাত প্ৰশাসন-আৰক্ষীৰ দ্বাৰা অধিক কঠোৰতাৰে ক'ভিড নিয়মাৱলী বলৱৎকৰণত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হয় । মৰিগাঁও, গোৱালপাৰা আৰু কামৰূপ(গ্ৰাম্য) জিলাৰ পৰা কামৰূপ মহানগৰ জিলালৈ থকা প্ৰৱেশ পথসমূহত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা অধিক ফলপ্ৰসু আৰু কঠোৰভাৱে বলৱৎ কৰাৰ বাবে স্বাস্থ্য মন্ত্রীয়ে মহানগৰ আৰক্ষীক নিৰ্দেশ দিয়ে । তদুপৰি নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।
মহানগৰৰ তিনিওখন আৰক্ষী জিলা এলেকাত প্ৰশাসন-আৰক্ষীৰ যৌথ টাস্ক ফ'ৰ্চৰ দ্বাৰা মাস্ক নিপিন্ধা লোক, সান্ধ্য আইনৰ সময়ত ৰাজপথত ঘূৰি-ফুৰা লোক, বিয়লি সান্ধ্য আইন ভংগকাৰী তথা আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।