গুৱাহাটী, ২৯ ডিচেম্বৰ: ক'ভিডৰ অ’মিক্ৰণ প্ৰকাৰৰ লগতে ভৱিষ্যতে উদ্ভৱ হ’ব পৰা অন্য জটিল ভাইৰাছজনিত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ সস্তম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ যাৰ বাবে অসমতে 'জিনীয় অনুক্ৰমণ' (জিন'মিক ছিকুয়েঞ্চিং) পৰীক্ষা সম্পন্ন কৰিব পৰাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(Gauhati Medical College and Hospital)ত এটা 'জিন'মিক ছিকুয়েঞ্চিং লেবৰেটৰী' স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । এইক্ষেত্ৰত বিশেষভাৱে আগ-ভাগ লৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health minister Keshab Mahanta)ই ৷
এই পৰীক্ষাগাৰ নিৰ্মাণৰ উদ্দেশ্যে বুধবাৰে ভাইৰাছ বিশেষজ্ঞসহ স্বাস্থ্য বিভাগৰ এটা দলৰ সৈতে স্বাস্থ্যমন্ত্ৰীগৰাকী যোৰহাটস্থিত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ 'নৰ্থ ইষ্ট ইন্সটিটিউট অৱ ছায়েন্স এণ্ড টেকন'লজী' (North East Institute of Science and Technolog) চমুকৈ NEIST ৰ এডভাঞ্চড ম'লিকুলাৰ পৰীক্ষাগাৰত উপস্থিত হৈ কৰিলে পৰিদৰ্শন ৷ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এনইআইএছটি কৰ্তৃপক্ষ আৰু বিজ্ঞানীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয় ।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক সঞ্চালক ডাঃ এছ লক্ষ্মনন, ৰাজ্যৰ আগশাৰীৰ বীজাণু বিশেষজ্ঞ (ভাইৰ’ল'জিষ্ট) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰ'বায়'লজী বিভাগৰ মূৰব্বী অধ্যাপিকা ডাঃ অজন্তা শৰ্মা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাৰ সৈতে বুধবাৰে দুপৰীয়া এনইআইএছটিত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পৰীক্ষাগাৰটোৰ সঞ্চালক ড৹ জি নৰহৰি শাস্ত্ৰী আৰু গৱেষক-বিজ্ঞানীসকলৰ লগত সম্পূৰ্ণ জিন'মিক ছিকুয়েঞ্চিং কৰিব পৰা পৰীক্ষাগাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি আৰু কাৰিকৰী দিশসমূহৰ বিষয়ে বিতং আলোচনা কৰে।
এই আলোচনা কালতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এনে উচ্চস্তৰীয় জিন'মিক ছিকুয়েঞ্চিং পৰীক্ষাগাৰ (Genomic sequencing laboratory) স্থাপনৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী দিশত ৰাজ্য চৰকাৰৰ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে এনইআইএছটিৰ সঞ্চালক ড৹ শাস্ত্ৰীয়ে । আনহাতে, উজনি অসমত ৰাজ্যৰ স্বাস্থ্য বিভাগক এই জিন'মিক ছিকুয়েঞ্চিঙৰ পৰীক্ষণৰ ক্ষেত্ৰত এনইআইএছটিৰ এডভাঞ্চড ম'লিকুলাৰ লেবৰেটৰীৰ ফালৰ পৰা সহযোগিতা আগবঢ়াবলৈও সন্মতি প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে । ইয়াৰ বাবে ৰাজ্য চৰকাৰেও এনইআইএছটিলৈ প্ৰয়োজনত সহায় আগবঢ়াব বুলিও সদৰি কৰে।